অসম

assam

ETV Bharat / state

ধুবুৰী পৌৰসভাৰ নিৰ্বাচনঃ প্ৰশাসনৰ পক্ষপাতমূলক ভূমিকাৰ অভিযোগ

ধুবুৰী পৌৰসভাৰ নিৰ্বাচনক লৈ জিলা প্ৰশাসনে পক্ষপাতমূলক ভূমিকা গ্ৰহণ কৰি অহাৰ গুৰুতৰ অভিযোগ। আসন সংৰক্ষণৰ নামত শাসক দলৰ পক্ষ লোৱাৰ অভিযোগ জিলা প্ৰশাসনৰ বিৰুদ্ধে। ন্যায় বিচাৰি কংগ্ৰেছ দল দাৰস্থ হব উচ্চ ন্যায়ালয়ৰ।

complain against dhubri municipal election
ধুবুৰী পৌৰসভাৰ নিৰ্বাচন

By

Published : Feb 24, 2020, 10:21 AM IST

ধুবুৰী,24ফেবৰুৱাৰীঃচলিত বৰ্ষৰ এপ্ৰিল মাহত সমাপ্ত হ'ব বিজেপি নেতৃত্বাধীনধুবুৰী পৌৰসভা বোৰ্ডৰ পাঁচ বছৰীয়া কাৰ্যকালৰ। সেয়ে ধুবুৰী জিলা প্ৰশাসনে পৌৰসভা নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে চলাইছে প্ৰস্তুতি। ধুবুৰী পৌৰসভাৰ ষোল্লটা ৱাৰ্ডৰ আসন সংৰক্ষণৰ বাবে ইতিমধ্যে সৰ্বদলীয় প্ৰতিনিধি বৰ্গৰ উপস্থিতিত জিলা প্ৰশাসনে সভা অনুষ্ঠিত কৰি সম্পন্ন কৰিছে আসন সংৰক্ষণ প্ৰক্ৰিয়া । কিন্তু আসন সংৰক্ষণৰ নামত ধুবুৰী জিলা প্রশাসনে শাসক দলৰ হৈ পক্ষপাতমূলক ভূমিকা গ্ৰহণ কৰি আহিছে বুলি উত্থাপন হৈছে এক গুৰুতৰ অভিযোগ। এই অভিযোগ উত্থাপন কৰিছে জিলা কংগ্ৰেছে। অভিযোগ অনুসৰি বৃহস্পতিবাৰে কংগ্ৰেছ,বিজেপি,অগপ আৰু এ আই ইউ ডি এফকে ধৰি বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ উপস্থিতিত প্ৰথমে এখন সভা অনুষ্ঠিত কৰে জিলা উপায়ুক্ত আনন্তলাল জ্ঞানীয়ে। সভাখনত সৰ্বদলীয় সন্মতিক্ৰমে মহিলাৰ বাবে আসন সংৰক্ষণ কৰাৰ বিপৰীতে সাধাৰণ আৰু অনুসূচীত জাতিৰ বাবে আসন সংৰক্ষণ কৰা হয়। যদিও কেইঘণ্টামান পিছতেই পুনৰ কাৰিকৰী ভুল হোৱাৰ দোহাই দি জিলা উপায়ুক্ত আনন্তলাল জ্ঞানীয়ে পিছদিনা শুকুৰবাৰে আন এখন সভা অনুষ্ঠিত কৰে। দ্বিতীয়খন সভাত জিলা উপায়ুক্তই আসন সংৰক্ষণৰ এখন ৰহস্যজনক তালিকা প্ৰকাশ কৰি তালিকা খনক সন্মতি জনাবলৈ সৰ্বদলীয় প্রতিনিধিক আহ্বান জনায় যদিও তালিকা খনত বহু বিসংগতি থকাৰ অভিযোগত সভাস্থলী ত্যাগ কৰে কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দলৰ প্ৰতিনিধি বৰ্গই ৷

ধুবুৰী পৌৰসভাৰ নিৰ্বাচন
অভিযোগ অনুসৰি শাসক দলৰ হৈ পক্ষপাতমূলক ভূমিকা গ্ৰহণ কৰিছে ধুবুৰী জিলা প্ৰশাসনে। বিজেপিৰে বুজাবুজি কৰি দলটোৰ কেইজনমান বচা বচা নেতাৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবে বিজেপি দলৰ পছন্দ মতেই প্ৰস্তুত কৰা হৈছে আসন সংৰক্ষণৰ সেই বিশেষ তালিকাখন। এনে অভিযোগৰ মাজতে কংগ্ৰেছৰ ফালৰ পৰা জিলা উপায়ুক্তক এখন স্মাৰকপত্ৰ দাখিল কৰি পূৰ্বৰ তালিকা বাহাল ৰাখিবলৈ দাবী উত্থাপন কৰা হয়। যদিও জিলা উপায়ুক্ত আনন্তলাল জ্ঞানীয়ে এইক্ষেত্ৰত গ্ৰহণ কৰি আহিছে এক ৰহস্যজনক ভূমিকা । যাৰ ফলত ক্ষুণ্ণ হৈ পৰা কংগ্ৰেছ দল এতিয়া দ্বাৰস্থ হ'ব উচ্চ ন্যায়ালয়ত।উল্লেখযোগ্য যে, ধুবুৰী পৌৰসভা নিৰ্বাচনলৈ মাত্ৰ এমাহ সময় বাকী থকাৰ সময়তে জিলা প্ৰশাসনে আসন সংৰক্ষণৰ ক্ষেত্ৰত এনে ৰহস্যজনক ভূমিকা গ্ৰহণ কৰা ঘটনাই ধুবুৰীৰ ৰাজনৈতিক মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

ABOUT THE AUTHOR

...view details