অসম

assam

ETV Bharat / state

বিলাসীপাৰাত কোচ ৰাজবংশী জনগোষ্ঠীয় সংগঠনৰ প্ৰশংসনীয় পদক্ষেপ - অগ্ৰণী ভুমিকা

আক্ৰাছুকে ধৰি কোচ ৰাজবংশী জনগোষ্ঠীৰ বিভিন্ন ভাতৃ সংগঠনৰ উদ্যোগত শালকোচাত স্থাপন কৰা হৈছে বীৰ চিলাৰায় পুথিভঁৰাল ৷ মঙলবাৰে পুথিভঁৰালটোৰ শুভ উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত অভিযন্তা চন্দ্ৰ মাধৱ বৰুৱাই ৷পুথিভঁৰালটোৰ শুভ উদ্বোধন কৰি চন্দ্ৰ মাধৱ বৰুৱাই কয় যে, পুথিভঁৰালটোৱে অনাগত সময়ত শৈক্ষিক দিশত এক অগ্ৰণী ভুমিকা গ্ৰহণ কৰিব ৷

Commendable initiative of Koch dynasty community organization in Bilasipara
বিলাসীপাৰাত কোচ ৰাজবংশী জনগোষ্ঠীয় সংগঠনৰ প্ৰশংসনীয় পদক্ষেপ

By

Published : Oct 27, 2020, 2:30 PM IST

পশ্চিম বিলাসীপাৰা,27অক্টোবৰঃ বিলাসীপাৰাত কোচ ৰাজবংশী জনগোষ্ঠীয়ে গ্ৰহণ কৰিছে প্ৰশংসনীয় পদক্ষেপ ৷ আক্ৰাছুকে ধৰি কোচ ৰাজবংশী জনগোষ্ঠীৰ বিভিন্ন ভাতৃ সংগঠনৰ উদ্যোগত শালকোচাত স্থাপন কৰা হৈছে বীৰ চিলাৰায় পুথিভঁৰাল ৷ মঙলবাৰে পুথিভঁৰালটোৰ শুভ উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত অভিযন্তা চন্দ্ৰ মাধৱ বৰুৱাই ৷ পুথিভঁৰালটোৰ শুভ উদ্বোধন কৰি চন্দ্ৰ মাধৱ বৰুৱাই কয় যে, পুথিভঁৰালটোৱে অনাগত সময়ত শৈক্ষিক দিশত এক অগ্ৰণী ভুমিকা গ্ৰহণ কৰিব ৷

বিলাসীপাৰাত কোচ ৰাজবংশী জনগোষ্ঠীয় সংগঠনৰ প্ৰশংসনীয় পদক্ষেপ

ইপিনে, প্ৰস্তাৱিত কমতাপুৰ, জনজাতিকৰণৰ দাবীৰ সমান্তৰালভাৱে কোচ ৰাজবংশী জনগোষ্ঠীৰ সংগঠনসমূহে স্থাপন কৰা পুথিভঁৰালটোৰ বাবে বিলাসীপাৰাৰ প্ৰতি ঘৰে ঘৰে গৈ একোখন কৈ কিতাপ সংগ্ৰহ কৰিব বুলিও জানিবলৈ দিয়ে উদ্যোক্তাই ৷ আনহাতে, শালকোচা আঞ্চলিক আক্ৰাছুৰ নেতৃত্বত উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি পুথিভঁৰালটোলৈ একোখনকৈ কিতাপ আগবঢ়াবলৈ আহ্বান জনাই এক সমদলো উলিওৱা হয় ৷

ABOUT THE AUTHOR

...view details