অসম

assam

By

Published : Aug 8, 2020, 3:16 AM IST

ETV Bharat / state

মাৰুতি ভান আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষত নিহত 1, আহত 6

মাৰুতি ভান আৰু মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত এগৰাকী মহিলা ৷ দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় আন ছয় গৰাকী যাত্ৰী ৷ বিলাসীপাৰাৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ শালকোচাত সংঘটিত হৈছে এই দুৰ্ঘটনা ৷

road accident at bilashipara
road accident at bilashipara

ধুবুৰী, 7 আগষ্ট : বিলাসীপাৰাৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ শালকোচাত শুকুৰবাৰে সন্ধিয়াৰ ভাগত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ মাৰুতি ভান আৰু মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত এগৰাকী মহিলা ৷ নিহত মহিলাগৰাকী মাৰুতি ভান খনৰ যাত্ৰী ৰৌশনাৰা খাতুন ৷ ৰৌশনাৰা খাতুন গোৱালপাৰা জিলাৰ কুমৰিপাৰাৰ ছানোৱাৰ আলীৰ পত্নী বুলি জানিব পৰা গৈছে ৷

আনহাতে, দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় মাৰুতি ভান খনত থকা আন ছয় গৰাকী যাত্ৰী ৷ আহত সকল ক্ৰমে জুৰান আলী, ৰেজিয়া খাতুন, জৰিনা খাতুন, মফিদা খাতুন, ইউছুফা খাতুন আৰু ৰকিবুল ইছলাম ৷ আহতসকলৰ মাজত আছে এটি পাঁচবছৰীয়া শিশু আৰু এগৰাকী বাৰ বছৰীয়া কিশোৰী ৷ আটাইৰে ঘৰ গোৱালপাৰা জিলাৰ কুমৰি পাৰাত বুলি জানিব পৰা গৈছে ৷ আহতসকলক ততাতৈয়াকৈ চাপৰত থকা চৰকাৰী চিকিৎসালয়লৈ লৈ যোৱা হয় ৷

মাৰুতি ভান আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ

উল্লেখ্য যে, AS 01 MA 7563 নম্বৰ মাৰুতি ভান খন গোৱালপাৰাৰ পৰা ধুবুৰী জিলাৰ পানবাৰী অভিমুখে গৈ আছিল ৷ বিপৰীত দিশৰ পৰা অহা AS 17 B 8145 নম্বৰ মালবাহী ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই মাৰুতি ভান খনত প্ৰচণ্ড জোৰত খুন্দা মাৰে ৷ এই ভয়ংকৰ দুৰ্ঘটনাটোত মাৰুতি ভানখন সম্পূৰ্ণ ৰূপে চূৰ্চুমৈ হৈ যায় ৷ এই ঘটনাই অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে ৷

লগতে পঢ়ক :বাক্সাত চৰকাৰী ভূমিক লৈ দুই ফৈদৰ মাজত সংঘাত

ABOUT THE AUTHOR

...view details