অসম

assam

ETV Bharat / state

আবু বাক্কাৰ ছিদ্দিক বিপুল ভোটত জয়ী হ'বলৈ দোৱা কৰিব : মুখ্যমন্ত্ৰী সোণোৱাল - CM Sonowal campaigned for BJP candidate Abu Bakkar Siddiqui

আল্লাৰ ওচৰত দোৱা কৰিব ডাঃ আবু বাক্কাৰ ছিদ্দিক যাতে বিপুল ভোটত জয়ী হয় ৷ পশ্চিম বিলাসীপাৰাৰ দুৰ্গম চৰ অঞ্চলৰ গুটীপাৰাত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভাত এনেদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

মুখ্যমন্ত্ৰী সোণোৱালৰ নিৰ্বাচনী প্ৰচাৰ
মুখ্যমন্ত্ৰী সোণোৱালৰ নিৰ্বাচনী প্ৰচাৰ

By

Published : Apr 2, 2021, 7:51 PM IST

পশ্চিম বিলাসীপাৰা, 2 এপ্ৰিল : তৃতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া সমষ্টিবোৰত দিনে-নিশাই চলিছে নিৰ্বাচনী প্ৰচাৰ অভিযান ৷ বুধবাৰে বিয়লি নামনি অসমৰ পশ্চিম বিলাসীপাৰাৰ দুৰ্গম চৰ অঞ্চলৰ গুটীপাৰাত বিজেপিৰ 26 নং পশ্চিম বিলাসীপাৰাৰ প্ৰাৰ্থী ডাঃ আবু বাক্কাৰ ছিদ্দিকৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

মুখ্যমন্ত্ৰী সোণোৱালৰ নিৰ্বাচনী প্ৰচাৰ

পশ্চিম বিলাসীপাৰা সমষ্টিৰ দুৰ্গম চৰ অঞ্চলৰ গুটীপাৰা উচ্চ মাধ্যমিক বিদ্যালয় খেল পথাৰত আয়োজিত নিৰ্বাচনী অনুষ্ঠানত হেলিকপ্টাৰযোগে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত হৈ গৰিষ্ঠ সংখ্যক ধৰ্মীয় সংখ্যালঘু ভোটাৰৰ সন্মুখত প্ৰাৰ্থী গৰাকীৰ হৈ বহু গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ৷ ভাষণ প্ৰসংগত সোণোৱালে কয় যে, আল্লাৰ ওচৰত দোৱা কৰিব যাতে ডাঃ আবু বাক্কাৰ ছিদ্দিক বিপুল ভোটত জয়ী হয় ৷

উল্লেখ্য যে, অসম চৰকাৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 35 শতাংশ মুছলমানৰ ভোট নালাগে বুলি কোৱাৰ বিপৰীতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পশ্চিম বিলাসীপাৰাত প্ৰায় 100 শতাংশ মুছলমান থকা অনুষ্ঠানত বিজেপি প্ৰাৰ্থীৰ হৈ ভোট বিচাৰে ৷

লগতে পঢ়ক :এখন ব্যতিক্ৰমি নিৰ্বাচনী প্ৰচাৰ সভা

For All Latest Updates

ABOUT THE AUTHOR

...view details