ধুবুৰী, 31 মাৰ্চ : লক্ ডাউনৰ মাজতে মঙলবাৰে ধুবুৰীত উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। জিলা প্ৰশাসনৰ সৈতে বৈঠক অনুষ্ঠিত কৰি সংবাদমেলৰ আয়োজন মুখ্যমন্ত্ৰী সোণোৱালৰ ।হেলিকপ্টাৰৰ জৰিয়তে ধুবুৰীত উপস্থিত হোৱা মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰথমে ধুবুৰী অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ বুজ লয় চিকিৎসা ব্যৱস্থাৰ। তাৰ পিচতেই ধুবুৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপায়ুক্ত আৰু জিলা আৰক্ষী অধীক্ষক আৰু জিলা বিভাগৰ লগতে প্ৰশাসনিক বিষয়া সকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী গৰাকী । মুখ্যমন্ত্ৰী সোণোৱালৰ সৈতে ভ্ৰমণকালত উপস্থিত থাকে মন্ত্ৰী চন্দন ব্ৰহ্ম। বৈঠকত কৰ'ণা ভাইৰাছৰ প্ৰতিৰোধ আৰু লক্ ডাউনৰ ওপৰত বিভিন্ন দিশ সামৰি লৈ গুৰুত্বপূৰ্ণ আলোচনা কৰা হয়।
ধুবুৰীত লক্ ডাউন পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে - ধুবুৰীত লক্ ডাউন পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে
ধুবুৰীত উপস্থিত সৰ্বানন্দ সোণোৱাল ৷ ধুবুৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপায়ুক্ত আৰু জিলা আৰক্ষী অধীক্ষক আৰু জিলা বিভাগৰ লগতে প্ৰশাসনিক বিষয়া সকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী গৰাকী । মুখ্যমন্ত্ৰী সোণোৱালৰ সৈতে ভ্ৰমণকালত উপস্থিত থাকে মন্ত্ৰী চন্দন ব্ৰহ্ম।
বৈঠকৰ অন্তত জিলা উপায়ুক্তৰ কাৰ্যালয় চৌহদত এখন সংবাদমেলৰ আয়োজন কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে চিকিৎসক, নাৰ্চ, স্বাস্থ্যকৰ্মী, সাংবাদিক, স্বাস্থ্যবিভাগ আৰু প্ৰশাসন যন্ত্ৰক ভূয়সী প্ৰশংসা কৰে । লগতে অসমবাসীক প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা ২১ দিনীয়া লক্ ডাউন মানি চলিবলৈ বিনম্ৰতাৰে আহ্বান জনায় মুখ্যমন্ত্ৰী গৰাকীয়ে। লগতে সামাজিক দূৰত্ব বজাই ৰাখিলেহে মাৰাত্মক কৰ'ণা ভাইৰাছৰ পৰা পৰিত্ৰাণ পাব আৰু অসমখন ৰক্ষা পৰিব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। ইপিনে দিল্লীৰ নিজাম উদ্দিনৰ ধৰ্মীয় অনুষ্ঠানত অংশ লৈ অসমত প্ৰৱেশ কৰা সকলৰ স্বাস্থ্য পৰীক্ষা কৰোৱাৰ ক্ষেত্ৰত স্বাস্থ্য বিভাগে গুৰুত্ব আৰোপ কৰিছে বুলি উল্লেখ কৰি বহিঃৰাজ্যৰ পৰা অসমত প্ৰৱেশ কৰা সকলো লোকে গোপন ভাবে লুকাই নাথাকি নিজে নিজে গৈ স্বাস্থ্য পৰীক্ষা কৰিব লাগে বুলি মন্তব্য কৰে সৰ্বানন্দ সোণোৱালে ।
লগতে পঢ়ক :কভিড-১৯ হাস্পতাললৈ পৰিণত হ'ব ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়