অসম

assam

ETV Bharat / state

ধুবুৰী গুৰুদ্বাৰত উপস্থিত হৈ মুখ্যমন্ত্ৰীৰ মুখত ঔৰংগজেৱৰ প্ৰসংগ - CM Himanta on history of Tag Bahadur and Aurangzeb

সোমবাৰৰে পৰা আৰম্ভ হৈছে শিখ ধৰ্মৰ ৩৪৬ তম শ্বহীদ দিৱস । শ্বহীদ দিৱসৰ কাৰ্য্যসূচীত অংশগ্ৰহণ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ । ধুবুৰী গুৰুদ্বাৰৰ সামগ্ৰিক উন্নয়নৰ বাবে ৫ কোটি টকীয়া এক পেকেজ ঘোষণা মুখ্যমন্ত্ৰীৰ(CM Himanta announces 5 cr pacakage to Gurudwar in Dhuburi) ।

ধুবুৰী গুৰুদ্বাৰত উপস্থিত হৈ মুখ্যমন্ত্ৰীৰ মুখত ঔৰংগজেৱৰ প্ৰসংগ
ধুবুৰী গুৰুদ্বাৰত উপস্থিত হৈ মুখ্যমন্ত্ৰীৰ মুখত ওলাল ঔৰংগজেৱৰ প্ৰসংগ

By

Published : Dec 6, 2021, 6:15 PM IST

ধুবুৰী, 6 ডিচেম্বৰ :উখল মাখল ধুবুৰীৰ গুৰুদ্বাৰ । সোমবাৰৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে গুৰুদ্বাৰত উদযাপন কৰা হৈছে ৩৪৬ তম শ্বহীদ দিৱস । শ্বহীদ দিৱসৰ প্ৰথম দিনাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই(CM Himanta visits Gurudwar in Dhuburi) । এই সময়চোৱাত মুখ্যমন্ত্ৰী গৰাকীৰ লগত থাকে মন্ত্ৰী অশোক সিংহল । হেলিকপ্টাৰ যোগে ধুবুৰী বি এন কলেজ খেলপথাৰত অৱতাৰণ কৰাৰ পিছত পোনে পোনে ধুবুৰী গুৰুদ্বাৰত উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী ।

ধুবুৰী গুৰুদ্বাৰত উপস্থিত হৈ মুখ্যমন্ত্ৰীৰ মুখত ওলাল ঔৰংগজেৱৰ প্ৰসংগ

প্ৰথমে নৱম গুৰু গুৰু টেগ বাহাদুৰৰ গুৰুদ্বাৰত উপস্থিত হৈ শিখ গুৰুজনা গৰাকীৰ প্ৰতি সেৱা জনাই আশীষ গ্ৰহণ কৰে মুখ্যমন্ত্ৰী শৰ্মাই । তাৰ পিছত গুৰুদ্বাৰৰ উপৰ মহলাৰ চৌপাশ ঘূৰি পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । ইয়াৰ পিছতেই গুৰুদ্বাৰত চলি থকা কীৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰি সম্বৰ্ধনা গ্ৰহণ কৰি এক গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । ভাষণত গুৰু টেগ বাহাদুৰৰ সৈতে মোগল সেনা ঔৰংগজেৱে কৰা কাণ্ডই মানৱ সমাজক অন্যায়ৰ বিৰুদ্ধে যুঁজিবলৈ শক্তি দিয়ে বুলি বুৰঞ্জীৰ কেইবাটাও দিশ উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে(CM Himanta on history of Tag Bahadur and Aurangzeb) ।

আনহাতে, ভাষণত ধুবুৰী গুৰুদ্বাৰত এখন লিফ্ট আৰু সামগ্ৰিক উন্নয়নৰ বাবে অসম চৰকাৰৰ ফালৰ পৰা ৫ কোটি টকাৰ এক পেকেজ ঘোষণা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে । লগতে গুৰুদ্বাৰৰ উন্নতিৰ বাবে আৰু প্ৰয়োজন হ’লে অসম চৰকাৰে পুঁজি আৱণ্টন দিয়াৰ বাবে সাজু বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

লগতে পঢ়ক :কামাখ্যা মন্দিৰৰ বাবে মাটি দিছিল ঔৰংজেৱে : আমিনুল ইছলাম

ABOUT THE AUTHOR

...view details