ধুবুৰী, 23 মে': লক ডাউনৰ মাজতেই শ্ৰমিকৰ সুৰক্ষাৰ বিভিন্ন দাবীৰে ধুবুৰীতো চিটুৰ প্ৰতিবাদী কাৰ্য্যসূচী ৷ কৰ্পৰেট স্বাৰ্থত শ্ৰম আইন বাতিল নকৰাৰ দাবীৰ লগতে শ্ৰমিকৰ কামৰ সময় 8 ঘণ্টাৰ ঠাইত 12 ঘণ্টা কৰা আইন প্ৰত্যাহাৰ কৰাকে ধৰি কেই দফীয়া দাবীত শুকুৰবাৰে ধুবুৰী সহকাৰী শ্ৰম আয়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে চিটুৱে ৷ চিটুৰ অভিযোগ অনুসৰি, লক ডাউনৰ সময়ছোৱাত দেশৰ শ্ৰমিক শ্ৰেণী আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে ৷ কৰ'ণাই অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰা এই সময়ছোৱাত শ্ৰমিক শ্ৰেণী আৰু সাধাৰণ জনগনক ৰক্ষা কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰাৰ সলনি চৰকাৰে নীৰৱ ভূমিকাহে পালন কৰিছে ৷
লক ডাউনৰ মাজতে ধুবুৰীত চিটুৰ প্ৰতিবাদ - CITU protest at Dhuburi
কৰ্পৰেট স্বাৰ্থত শ্ৰম আইন বাতিল নকৰাৰ দাবীৰ লগতে শ্ৰমিকৰ কামৰ সময় 8 ঘণ্টাৰ ঠাইত 12 ঘণ্টা কৰা আইন প্ৰত্যাহাৰ কৰাকে ধৰি কেইবা দফীয়া দাবীত শুকুৰবাৰে ধুবুৰী সহকাৰী শ্ৰম আয়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে চিটুৱে ৷
লক ডাউনৰ মাজতে ধুবুৰীত চিটুৰ প্ৰতিবাদ
উল্লেখ্য যে, "চেন্টাৰ অৱ ইণ্ডিয়ান ট্ৰেড ইউনিয়"ৰ উদ্যোগত আৰু কেইবাটাও ট্ৰেড ইউনিয়নৰ সহযোগত শুকুৰবাৰে প্ৰতিখন জিলাত এই প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰা হয় ৷ কাৰ্যসূচীৰ মাজতে শ্ৰমিক সুৰক্ষাৰ কেইবাটাও দাবীৰে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে সংগঠনটোৱে ৷ লগতে উক্ত দাবীসমূহ সোনকালে পূৰণ নকৰিলে অনাগত দিনত ভয়ংকৰ আন্দোলনৰ কাৰ্য্যসূচী ৰূপায়ণৰ হুংকাৰ দিয়ে সংগঠনটোৱে ৷
লগতে পঢ়কঃ বেঁকী নৈৰ বাঢ়নী পানীত জলমগ্ন কলগাছিয়া
TAGGED:
ধুবুৰীত চিটুৰ প্ৰতিবাদ