পশ্চিম বিলাসীপাৰা, 10 আগষ্ট : দেশ তথা ৰাজ্যত অভাৱনীয় হাৰত বৃদ্ধি পাইছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য ৷ পেট্ৰ’ল, ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে কোঙা কৰিছে ৰাজ্যবাসীক ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিদিনে মূল্যবৃদ্ধি(PRICE HIKE) ৰোধৰ বাবে যোগান বিভাগ তথা ৰাজ্য চৰকাৰৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠনে প্ৰতিবাদকৰি আহিছে ৷ তথাপিও ৰাজ্য তথা দেশত ৰোধ হোৱা নাই মূল্যবৃদ্ধি(PRICE HIKE) ৷
সোমবাৰে মূল্যবৃদ্ধি(PRICE HIKE)ৰ বিৰুদ্ধে বিলাসীপাৰাটো প্ৰতিবাদত বহিল CITU ৷ পেট্ৰ'ল(Petrol), ডিজেল(Diesel)কে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি(PRICE HIKE) ৰ বিৰুদ্ধে আৰু মিজোৰামৰ সীমা নিৰ্ধাৰণৰ বাবে বিলাসীপাৰাৰ গান্ধী চ'কত ‘ভাৰত বচাও আন্দোলন’ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ বিলাসীপাৰা জিলা CITU ৰ সমিতিৰ লগতে পাঁচটাকৈ বাওঁপন্থী সংগঠনে ৰূপায়ণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী ৷
লগতে পঢ়ক:তিনিচুকীয়াত সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ প্ৰতিবাদ