অসম

assam

ETV Bharat / state

বাল্য বিবাহৰ ক্ষেত্ৰত দ্বিতীয় স্থানত ধুবুৰী - কেয়াৰ ইণ্ডিয়া ফাউণ্ডেশ্যন

পূৱ বিলাসীপাৰাৰ চাপৰ থানাৰ অন্তৰ্গত ফলিমাৰীত দেওবাৰে সংঘটিত হৈছে বাল্য বিবাহৰ এক ঘটনা ৷ গোপন সূত্ৰৰ ভিত্তিত এই বাল্য বিবাহৰ কথা গম পাই বিবাহস্থলীত উপস্থিত হয় বিলাসীপাৰা কেয়াৰ ইণ্ডিয়া ফাউণ্ডেশ্যন, ধুবুৰী শিশু সুৰক্ষা সমিতিৰ লগতে চাপৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ দলে সহ আৰক্ষীৰ এটা দল । উদ্ধাৰ কৰে নাৱালিকা গৰাকীক ৷

বাল্য বিবাহৰ ক্ষেত্ৰত দ্বিতীয় স্থানত ধুবুৰী
বাল্য বিবাহৰ ক্ষেত্ৰত দ্বিতীয় স্থানত ধুবুৰী

By

Published : Feb 8, 2021, 12:44 PM IST

Updated : Feb 8, 2021, 12:57 PM IST

পূৱ বিলাসীপাৰা, 8 ফেব্ৰুৱাৰী :ৰাজ্যত পুনৰ গা কৰি উঠিছে বাল্য বিবাহৰ ঘটনা ৷ এইবাৰ পূৱ বিলাসীপাৰাৰ চাপৰ থানাৰ অন্তৰ্গত ফলিমাৰীত দেওবাৰে বাল্য বিবাহৰ এক ঘটনা পোহৰলৈ আহিছে ৷

প্ৰাপ্ত তথ্য অনুসৰি, ছয়গাঁও মাছগুমিৰৰ ছাদ্দাম হুছেইন (দৰা) নামৰ ব্যক্তি গৰাকীয়ে এগৰাকী নৱম শ্ৰেণীত অধ্যয়ন কৰি থকা এগৰাকী ছাত্ৰীক বিবাহ কৰিবলৈ আহিছিল ৷ কিন্তু তেনে সময়তে বিবাহস্থলীত উপস্থিত হয় বিলাসীপাৰা কেয়াৰ ইণ্ডিয়া ফাউণ্ডেশ্যন, ধুবুৰী শিশু সুৰক্ষা সমিতিৰ লগতে চাপৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ দলে সহ আৰক্ষীৰ এটা দল । বিবাহস্থলীত আৰক্ষী আৰু শিশু সুৰক্ষা সমিতি উপস্থিত হোৱাৰ লগে লগে সৃষ্টি হয় এক হুলস্থুলীয়া পৰিৱেশৰ ৷

বাল্য বিবাহৰ ক্ষেত্ৰত দ্বিতীয় স্থানত ধুবুৰী

ঘটনাস্থলীৰ পৰা লৈ কইনাক চাপৰ আৰক্ষী থানালৈ অনা হয় । পৰৱৰ্তী সময়ত আৰক্ষীয়ে নাবালিকা কইনা গৰাকীক গতাই দিয়ে শিশু সুৰক্ষা সমিতিক ।

উল্লেখ্য যে, ধুবুৰীত বাল্য বিবাহৰ ঘটনা এয়াই প্ৰথম নহয় ৷ বাল্য বিবাহৰ ক্ষেত্ৰত ধুবুৰী দ্বিতীয় স্থানত আছে ৷ বাল্য বিবাহৰ ক্ষেত্ৰত এতিয়াও সজাগ আৰু সচেতন নহয় ধুবুৰীৰ জনসাধাৰণ ৷ এই বুলি মন্তব্য কৰে শিশু সুৰক্ষা সমিতিৰ এগৰাকী বিষয়াই ৷

দেওবাৰে পূৱ বিলাসীপাৰাত সংঘটিত এই ঘটনাৰ বিৱৰণী অনুসৰি, নাবালিকা গৰাকীৰ ডাঙৰ বায়েকৰ লগত বিয়াৰ কথা আছিল দৰা ছাদ্দাম হুছেইনৰ । কিন্তু বিয়া নহ'ল ছোৱালীজনীৰ ৷ কাৰণ নাবালিকা গৰাকীৰ ডাঙৰ বায়েক পলাই গ'ল প্ৰেমিকৰ লগত ৷ উপায়ন্তৰ হৈ ঘৰৰ মানুহে আলোচনাৰ মাধ্যমেৰে সৰু ছোৱালীজনীক বিয়া দিবলৈ ল'লে সিদ্ধান্ত পূৰ্বৰ দৰা ছাদ্দাম হুছেইনৰ সৈতে ৷

দিন বেয়া আছিল দৰা ছাদ্দাম হুছেইনৰ ৷ এজনীৰ লগতো সংসাৰ পাতিব নোৱাৰিলে ৷

অৱশেষত গোপন সূত্ৰৰ ভিত্তিত এই বাল্য বিবাহৰ কথা আৰক্ষী আৰু শিশু সুৰক্ষা সমিতিয়ে গম পাই বিবাহস্থলীত উপস্থিত হৈ নাৱালিকা গৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

লগতে পঢ়ক :মহানগৰীৰ চিটি চেন্ট্ৰেল ম'লত ভয়ংকৰ অগ্নিকাণ্ড

Last Updated : Feb 8, 2021, 12:57 PM IST

ABOUT THE AUTHOR

...view details