ধুবুৰী, 31 জানুৱাৰী :ৰাজ্যত অব্যাহত আছে শিশু শ্ৰমিক বিৰোধী অভিযান (Campaign against child labour) ৷ এইবাৰ ধুবুৰীত শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান চলাই ১৫ টাকৈ শিশু উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ ধুবুৰী চাইল্ড লাইন, ডি চি পি ও, চি ডব্লিউ চি, কেয়াৰ ইণ্ডিয়া ছিলড্ৰেন হোম আৰু শ্ৰম আয়ুক্তৰ এটা বৃহৎ দলে আৰক্ষীৰ সহযোগত চলোৱা অভিযানত উদ্ধাৰ হয় এই শিশুকেইটি ৷ ধুবুৰীৰ কাছাৰী ঘাট, যোগমায়া ঘাট, পঞ্চঘাট আৰু নিউঘাটকে ধৰি বিভিন্ন স্থানত অভিযান চলাইছিল অভিযানকাৰী দলটোৱে ৷ পাৰঘাটত চানা বিক্ৰী কৰা আৰু চাহৰ হোটেল, ভাতৰ হোটেলত অভিযান চলালে অভিযানকাৰী দলটোৱে (Child labours Increasing in Dhubri)।
শিশু শ্ৰমিকৰ বিৰুদ্ধে বিভিন্ন সময়ত অভিযান চলাই অহাৰ পিচতো ধুবুৰীত দিনক দিনে বৃদ্ধি পাই অহা পৰিলক্ষিত হৈছে শিশু শ্ৰমিকৰ সংখ্যা । দাৰিদ্ৰতাই ইয়াৰ বাবে মূল কাৰণ বুলি বিবেচিত হৈ আহিছে ৷ প্ৰতিদিনে পল পলকৈ ধ্বংসৰ গৰাহলৈ গতি কৰিছে ধুবুৰীৰ বিভিন্ন অঞ্চলৰ কণ কণ শিশুৰ সোণালী ভৱিষ্যৎ । এইবাৰৰ অভিযানত উদ্ধাৰ হোৱা শিশু শ্ৰমিক কেইটিক চি ডব্লিউ চি বোৰ্ডক গতাই দিয়া হ’ব বুলি উল্লেখ কৰে অভিযানকাৰী দলটোৱে । লগতে শিশুকেইটিক শ্ৰমিক হিচাপে খটুওৱাসকলৰ বিৰুদ্ধেও আইনী ব্যৱস্থা গ্ৰহণৰ কথা উল্লেখ কৰিলে অভিযানকাৰী দলটোৱে (15 child labour rescued in Dhubri) ।
মন কৰিব লগীয়া যে, একাংশ ব্যৱসায়িক মনোবৃত্তিৰ লোকে দৰিদ্ৰতাৰ সুযোগ লৈ প্ৰতিদিনে পুৱাৰে পৰা সন্ধিয়ালৈকে বিভিন্ন হোটেলৰ লগতে নিজৰ কৰ্মক্ষেত্ৰত শিশুসকলক কম মজুৰিৰ বিনিময়ত কামত খটুৱাই অহাৰ ঘটনা পোহৰলৈ আহিছে । আক্ষেপজনিত বিষয় যে, পখিলা খেদা বয়সতে একাংশ কণ কণ শিশুৱে বিভিন্ন প্ৰকাৰে পালন কৰিবলগীয়া হৈছে পৰিয়াল পোহপাল দিয়াৰ দৰে এক গধুৰ দায়িত্ব ।