অসম

assam

ETV Bharat / state

ধুবুৰী সদৰ আৰক্ষী থানাৰ নতুন ভৱন মুকলি মুখ্যমন্ত্ৰীৰ - সাংসদ তপন গগৈ

অসম আৰক্ষীৰ যিকোনো বিষয়া কৰ্মচাৰীয়ে দুৰ্নীতিৰ আশ্ৰয় ল'লে সেই ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰি শাস্তি বিহা হ'ব বুলি কৈ একপ্ৰকাৰ সকীয়নি দিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

Chief Minister inaugurated by New building of  Dhubri Police Station
ধুবুৰী সদৰ আৰক্ষী থানাৰ নতুন ভৱন মুকলি ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ

By

Published : Aug 17, 2020, 5:12 PM IST

ধুবুৰী,17 আগষ্টঃ আধুনিক ৰূপ পালে 1906 চনতে ব্ৰিটিছৰ দিনত নিৰ্মাণ কৰা ঐতিহাসিক ধুবুৰী সদৰ আৰক্ষী থানাই ৷ মৈত্ৰী আঁচনিৰ অধীনত অসমৰ প্ৰায় 350 খন আৰক্ষী থানাৰ লগতে ধুবুৰী সদৰ আৰক্ষী থানাকো নতুন ৰূপত সজাই তোলা হয় ৷ এই উপলক্ষে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ধুবুৰী সদৰ আৰক্ষী থানাত উপস্থিত হৈ নতুন ভৱনৰ শুভ উদ্বোধন কৰে । উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত থাকে সাংসদ তপন গগৈ, মন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্ম, ধুবুৰী সমষ্টিৰ বিধায়ক নজৰুল হক, বিলাসীপাৰা পূব সমষ্টিৰ বিধায়ক অশোক কুমাৰ সিংঘী,অতিৰিক্ত আৰক্ষী সঞ্চালক হৰমিৎ সিং, ধুবুৰী জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ ৷

ধুবুৰী সদৰ আৰক্ষী থানাৰ নতুন ভৱন মুকলি ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ

উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী গৰাকীয়ে নিজৰ ভাষণত ধুবুৰী সদৰ আৰক্ষী থানাৰ ঐতিহ্য ৰক্ষাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি মৈত্ৰী আঁচনিৰ অন্তৰ্ভুক্ত কৰা হৈছে বুলি উল্লেখ কৰে ৷ ইয়াৰ লগতে ধুবুৰী জিলাখনত বিভিন্ন উন্নয়নমুলক আঁচনি ৰূপায়ণ কৰি থকা হৈছে বুলিও কয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ আনহাতে ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে অসম আৰক্ষীৰ যিকোনো বিষয়া কৰ্মচাৰীয়ে দুৰ্নীতিৰ আশ্ৰয় ল'লে সেই ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰি শাস্তি বিহা হ'ব বুলি কৈ একপ্ৰকাৰ সকীয়নি প্ৰদান কৰে ৷

ইপিনে, সাংবাদিকৰ আগত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আধুনিক থানা সমূহৰ পৰা যাতে ৰাইজক নিষ্ঠাৰে সেৱা আগবঢ়োৱাৰ সমান্তৰালভাৱে আৰক্ষীয়ে জনসাধাৰণৰ আস্থা আৰু বিশ্বাসৰ পাত্ৰ হ'ব পাৰে তাৰ প্ৰতি গুৰুত্ব আৰোপ কৰা হৈছে বুলি মন্তব্য কৰে ৷

লগতে পঢ়কঃবাঘজানত স্থাপিত হ'ল বিশেষ অগ্নি নিৰ্বাপক যন্ত্ৰ

ABOUT THE AUTHOR

...view details