ধুবুৰী, 20 জুন :প্ৰতিকূল বতৰৰ মাজতো দুদিনীয়া কাৰ্যসূচী লৈ মংগলবাৰে ধুবুৰীত উপস্থিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । গুৱাহাটীৰ পৰা পোনে পোনে গৈ দিনৰ প্ৰায় এঘাৰ বজাত উপস্থিত হয় ধুবুৰীৰ গোলকগঞ্জত । প্ৰায় ৭৪ কোটি টকা ব্যয়েৰে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱা গংগাধৰ নৈৰ ওপৰত থকা গোলকগঞ্জ-কানুৰী দলঙৰ শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
গোলকগঞ্জ-কানুৰী সংযুক্ত উক্ত দলংখনৰ দৈৰ্ঘ্য প্ৰায় ৭০০ মিটাৰ । স্বাধীনতাৰ পিচত প্ৰয়াত প্ৰাক্তন বিধায়ক দীনেশ চন্দ্ৰ সৰকাৰৰ দিনৰ পৰাই গংগাধৰ নৈৰ ওপৰত এখন দলং নিৰ্মাণৰ দাবী উত্থাপন কৰি অহা হৈছিল । অৱশেষত ২০১৭ চনত নির্মাণ কাৰ্য আৰম্ভ হয় দলংখনৰ । ২০২১ চনতেই নির্মাণ কাৰ্য সম্পন্ন হোৱাৰ পিচত আজি ৰাইজৰ বাবে উচৰ্গা কৰা হয় দলংখন ।
ভাৰত বাংলা সীমান্তৱৰ্তী অঞ্চলটোৰ অৰ্থ সামাজিক উন্নয়নৰ ক্ষেত্ৰত এক ইতিবাচক ভূমিকা পালন কৰিব এই দলংখনে । ইপিনে এইখন দলং প্ৰয়াত প্ৰাক্তন বিধায়ক দীনেশ চন্দ্ৰ সৰকাৰৰ নামত নামাকৰণ কৰাৰ দাবী উত্থাপন হৈছে যদিও চৰকাৰে এতিয়ালৈকে গ্ৰহণ কৰা নাই কোনো সিদ্ধান্ত । অৱশ্যে দলংখনৰ শুভ উদ্বোধন কৰা মানেই ধুবুৰীৰ বাবে ভাল খবৰ আৰু ভাল খবৰেৰে কাম আৰম্ভ হ’ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷