অসম

assam

By

Published : Apr 15, 2021, 11:56 AM IST

ETV Bharat / state

বিলাসীপাৰাৰ কালী মন্দিৰত চড়ক পূজা পালন

হিন্দু সমাজৰ এখন ব্যতিক্ৰমী পূজা হৈছে চড়ক পূজা । অতি আধ্যাত্মিক আৰু ধৰ্মীয় ৰীতি-নীতিৰে পালন কৰা হয় এই পূজাখন । বৃহৎ বৰশী মানুহৰ পিঠিত বিন্ধাই ওখ খুঁটাত ওলোমাই সম্পন্ন কৰা হয় এই চড়ক পূজা ৷

charak-puja
চড়ক পূজা

পশ্চিম বিলাসীপাৰা,15 এপ্ৰিল : আজিৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগতো তন্ত্ৰ-মন্ত্ৰৰ প্ৰভাৱ পৰিলক্ষিত হয় । ৰাজ্যত ৰঙালী বিহুৰ উচাহৰ মাজতে চ’ত মাহৰ শেষৰ দিনটোত পালন কৰা হয় বিশেষ চড়ক পূজা ।

বিলাসীপাৰাৰ কালী মন্দিৰত চড়ক পূজা পালন

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ধুবুৰী জিলাৰ বিলাসীপাৰা চহৰৰ 5 নং ৱাৰ্ডৰ ঘোষপাৰা কালী মন্দিৰ প্ৰাংগনত বুধবাৰে নিশা অগণন ভক্তৰ উপস্থিতিত পালন কৰা হয় চড়ক পূজা । এই চড়ক পূজা সম্পূৰ্ণ তান্ত্ৰিকভাৱে পালন কৰা হয় । পূজাৰ নিয়ম অনুসৰি, দীঘল দীঘল বৰশী পিঠিত বিন্ধাই এজন ব্যক্তিক ওখ খুঁটাত তুলি ওলোমাই থোৱা হয় । মূলতঃ এই পূজা শিৱ-পাৰ্বতীৰ পূজা বুলি জনাজাত । পূজাৰ দৃশ্য অতি আশ্চৰ্যকৰ যদিও সেই দৃশ্য চাবলৈ হাজাৰ হাজাৰ লোকৰ সমাগম হয় ।

লগতে পঢ়ক :পৰম্পৰাগত ৰীতি-নীতিৰে জনীয়াত চড়ক পূজা পালন

ABOUT THE AUTHOR

...view details