ধুবুৰী,24আগষ্টঃশনিবাৰে অসম-বংগ সীমান্তৰ ছাগলীয়াত আৰক্ষীয়ে জব্দ কৰে পাঁচখন ছুপাৰী কঢ়িওৱা ট্ৰাক । এই জব্দকৃত ট্ৰাককেইখনৰ বেছি সংখ্যকেই অৰুণাচল হৈ গুৱাহাটীৰ মাজেৰে আহি অসম-বংগ সীমান্তৰ ছাগলীয়াৰ এইচ পি পেট্ৰল পাম্পত আহি উপস্থিত হয় । ইপিনে ছাগলীয়াৰ এইচ পি পেট্ৰল পাম্পত কোনো বৈধ নথিপত্ৰ নথকা ছুপাৰী ভৰ্তি ট্ৰাক থকাৰ খবৰ ৰাইজে দিয়ে ছাগলীয়া আৰক্ষীক । ৰাইজৰ খবৰৰ ভিত্তিত ছাগলীয়া আৰক্ষী উপস্থিত হৈ পাঁচ খনকৈ ছুপাৰী ভৰ্তি ট্ৰাক জব্দ কৰে যদিও আৰক্ষীৰ উপস্থিতিৰ উমান পাই পলায়ন কৰে বহু কেইখন ট্ৰাকে । এই জব্দকৃত ট্ৰাক কেইখনৰ নম্বৰ ক্ৰমে NL 02/2315, AS 19AC/1261, AS 01LC/4675, AS 19 AC/2681, AS 16C/4006 ৷ উল্লেখ্য যে, আৰক্ষীয়ে জব্দ কৰা NLO2N 2315 নম্বৰৰ ট্ৰাকখন চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰত লোড হোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ।
ছাগলীয়াত 5 খন বাৰ্মিচ চুপাৰি কঢ়িওৱা ট্ৰাক জব্দ - অসম-বংগ সীমান্ত
শনিবাৰে অসম-বংগ সীমান্তৰ ছাগলীয়াত পাঁচখন ছুপাৰী কঢ়িওৱা ট্ৰাক জব্দ । জব্দকৃত ট্ৰাক কেইখনৰ নম্বৰ NL 02/2315, AS 19AC/1261, AS 01LC/4675, AS 19 AC/2681, AS 16C/4006 । ৰাইজৰ অভিযোগৰ ভিত্তিত ছাগলীয়া আৰক্ষীয়ে জব্দ কৰে ট্ৰাক কেইখন ।
ছাগলীয়াত 5 খন বাৰ্মিচ চুপাৰি কঢ়িওৱা ট্ৰাক জব্দ
ইতিমধ্যে ছাগলীয়া আৰক্ষীয়ে ট্ৰাক কেইখনৰ নথিপত্ৰ পৰীক্ষা কৰি অব্যাহত ৰাখিছে ছুপাৰী ট্ৰাকৰ বিৰুদ্ধে অভিযান ৷