অসম

assam

ETV Bharat / state

ধুবুৰী জিলাৰ ছাগলীয়াত জব্দ চোৰাং তেল কঢ়িওৱা টেংকাৰ

অভিযোগ মতে টেংকাৰ দুখনে কঢ়িওৱা খাৰুৱা তেল নথি-পত্র বিহীন। আনহাতে এটা চোৰাং চক্রই ছাগলীয়াৰে বহি:ৰাজ্যলৈ অবৈধ ভাৱে প্রেৰণ কৰি আহিছে খাৰুৱা তেল। ৰাইজৰ অভিযোগ অনুসৰি ছাগলীয়া আৰক্ষীৰো ভূমিকা সন্দেহজনক ।

By

Published : Jun 28, 2019, 11:50 PM IST

ধুবুৰী জিলাৰ ছাগলীয়াত জব্দ চোৰাং তেল কঢ়িওৱা টেংকাৰ

ধুবুৰী, 28 জুনঃবৃহস্পতিবাৰ নিশা ছাগলীয়াত জব্দ দুখন চোৰাং খাৰুৱা তেলৰ টেংকাৰ। ছাগলীয়া এইচ পি পাম্পৰ পৰা আক্ৰাছুৱে আটক কৰে টেংকাৰ দুখন। কিন্তু ৰহস্যজনকভাৱে আৰক্ষীয়ে নিশাই টেংকাৰ দুখন এৰি দিয়ে যদিও পুনৰ আক্ৰাছুৱে আৰক্ষীক ধৰাই দিয়ে টেংকাৰ দুখন ৷ এইবাৰ আকৌ আমিনুৰ নামৰ হেণ্ডিমেনজনৰ বাহিৰে ৰহস্যজনকভাৱে আৰক্ষীৰ জিম্বাৰ পৰা পলায়ন কৰে টেংকাৰৰ দুজন ট্ৰাক চালকসহ হেণ্ডিমেন।

ধুবুৰী জিলাৰ ছাগলীয়াত জব্দ চোৰাং তেল কঢ়িওৱা টেংকাৰ

উল্লেখ্য যে আৰক্ষীৰ হাতৰ পৰা অন্তৰ্ধান হোৱা চালক কেইজনে নিশা প্ৰদান কৰা স্বীকাৰোক্তি অনুসৰি তিনিচুকীয়াৰ পৰা শিলিগুৰি অভিমুখী গৈ আছিল জব্দ কৰা টেংকাৰ দুখন। জব্দকৃত টেংকাৰ দুখনৰ নম্বৰ "NL-02Q-6276 আৰু NL-02L-8022" । অভিযোগ মতে টেংকাৰ দুখনে কঢ়িওৱা খাৰুৱা তেল নথি-পত্র বিহীন। আনহাতে এটা চোৰাং চক্রই ছাগলীয়াৰে বহি:ৰাজ্যলৈ অবৈধ ভাৱে প্রেৰণ কৰি আহিছে খাৰুৱা তেল। ৰাইজৰ অভিযোগ অনুসৰি ছাগলীয়া আৰক্ষীৰো ভূমিকা সন্দেহজনক।

ABOUT THE AUTHOR

...view details