বিলাসীপাৰা, ১৩ জানুৱাৰী : ভাৰতবৰ্ষৰ লগতে বহিঃৰাষ্ট্ৰতো সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে পশ্চিম অসমৰ ধুবুৰী জিলাৰ চাপৰৰ মৃৎ শিল্পই । চাপৰৰ এইসকল মৃৎ শিল্পীৰ হাতৰ পৰশত প্ৰাণ পাই উঠে মাটিৰ বিভিন্ন সা-সামগ্ৰী । কিন্তু আজিও অৱহেলিত হৈ আছে এই মৃৎ শিল্পী সকল । তাৰ মাজতে আশাৰ ৰেঙণি কঢ়িয়াই আনিছে ভাৰত চৰকাৰৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়ে ৷ মঙলবাৰে স্ফূৰ্টি (SFURTI) আঁচনিৰ দ্বাৰা ৯২ লাখ টকাৰে নিৰ্মিত চিএফচি চাপৰ মৃৎ শিল্প প্ৰকল্পৰ কাম শুভ উদ্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আথৱালে ।
চাপৰত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আথৱালে - মৃৎ শিল্প প্ৰকল্প
মঙলবাৰে স্ফূৰ্টি (SFURTI) আঁচনিৰ দ্বাৰা ৯২ লাখ টকাৰে নিৰ্মিত চিএফচি চাপৰ মৃৎ শিল্প প্ৰকল্পৰ কাম শুভ উদ্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আথৱালে ।
চাপৰত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আঠোৱাল
ইপিনে মন্ত্ৰী গৰাকীয়ে পূৱ বিলাসীপাৰাৰ চাপৰৰ এই প্ৰকল্পটোৰ শুভ উদ্বোধন কৰি এখন ৰাজহুৱা সভাত অংশগ্রহণ কৰে । সভাত অংশগ্ৰহণ কৰি আগন্তুক বিধান সভা নিৰ্বাচনত ৰিপাব্লিকান পাৰ্টি অফ ইণ্ডিয়াই (RPI) ৪-৫ খন আসন বিচাৰিব আৰু আসন কেইখন এৰি দিয়ে বিজেপিয়ে তেনেহ’লে বিজেপিৰ লগত থকাৰ ইংগিত প্ৰদান কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আথৱালে ৷
লগতে পঢ়কঃ নগাঁৱত মীন বিভাগৰ উদ্যোগত সুলভ মূল্যৰ মাছৰ বজাৰ