অসম

assam

ETV Bharat / state

ধুবুৰীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত পতিত চিমেণ্ট ভৰ্তি ট্ৰাক - ধুবুৰী

কথমপি প্ৰাণ ৰক্ষা পৰে চালকসহ হেণ্ডিমেনৰ

ধুবুৰীত দুৰ্ঘটনাত পতিত চিমেণ্ট ভৰ্তি ট্ৰাক

By

Published : Mar 16, 2019, 10:55 AM IST

ধুবুৰী, 16 মাৰ্চ : শনিবাৰে পুৱতি নিশা ধুবুৰী জিলাৰ মাক্ৰিঝৰাৰ সমীপৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত পতিত চিমেণ্ট ভৰ্তি ট্ৰাক ৷ দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা চালকসহ হেণ্ডিমেনৰ । সোণাপুৰৰ পৰা পশ্চিমবংগৰ কোচবিহাৰলৈ চিমেন্টৰ বেগ কঢ়িয়াই নি থকাৰ সময়তে ধুবুৰীত দুৰ্ঘটনাত পতিত হয় GJ ১২ BV ০৯০৫ নম্বৰৰ চিমেন্ট ভৰ্তি ট্ৰাকখন ৷ চালকৰ অভিযোগ অনুসৰি, ঠেক ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়ো কাষৰ মাটিত ৰলিং নকৰি ঠিকাদাৰে দায়িত্ব সামৰাৰ বাবেই ট্ৰাকৰ চকা পিচল খাই নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰে ট্ৰাকখন । উল্লেখ্য যে, বিভাগীয় কৰ্তৃপক্ষৰ চৰম অমনোযোগিতাৰ বাবেই ৰাষ্ট্ৰীয় ঘাইপথচোৱাৰ কাম অতি নিম্নমানদণ্ডৰ হোৱাৰ ফলতে পথচোৱাত সঘনাই সংঘটিত হৈ আহিছে এটাৰ পিছত এটাকৈ পথ দুৰ্ঘটনা ।

ধুবুৰীত দুৰ্ঘটনাত পতিত চিমেণ্ট ভৰ্তি ট্ৰাক

ABOUT THE AUTHOR

...view details