ধুবুৰী,16 ফেব্ৰুৱাৰীঃ ধুবুৰী আৰু দক্ষিণ শালমাৰা জিলাৰ ভাৰত-বাংলা সীমান্তৰে অব্যাহত আছে পশুধনৰ চোৰাং ব্যৱসায় ৷ ধুবুৰীৰ গৌৰীপুৰক ট্ৰেনজিট পইণ্ট হিচাপে লৈ একাংশ গো-মাফিয়াই চলাই আছে গৰুৰ আন্তঃৰাষ্ট্ৰীয় চোৰাং ব্যৱসায় । অভিযোগ অনুসৰি, আৰক্ষীৰ সৈতে বুজাবুজিৰ ভিত্তিত বাংলাদেশলৈ চালান দিয়া হৈছে জাকে জাকে পশুধন । যাৰ ফলত বন্দুক এৰি লাঠীলৈ গৰু খেদি ফুৰিবলগীয়া হৈছে সীমান্ত সুৰক্ষাৰ দায়িত্বত থকা বি এছ এফৰ জোৱানসকল ।
ঘটনাৰ বিৱৰণী অনুসৰি, বিহাৰ, উত্তৰ প্ৰদেশ আদি বিভিন্ন ৰাজ্যৰ পৰা অনা উন্নত জাতৰ গৰু-ম’হৰ উপৰিও অসমৰ থলুৱা গৰু-ম’হ ট্ৰাকেৰে অসম-বংগ সীমান্তৰ ছাগলীয়া হৈ ধুবুৰীলৈ অনা হয় । তাৰপিছত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে এই ট্ৰাকসমূহ আনি গৌৰীপুৰৰ একাংশ নিৰ্দিষ্ট স্থানত ৰখাই পশুধনসমূহ নমাই গৌৰীপুৰ আৰক্ষী থানা, বন্দিহানা আৰক্ষী চকী এলেকাৰ সমীপৰ ব্ৰহ্মপুত্ৰৰ পাৰঘাটৰ বিভিন্ন অঞ্চলত জমা কৰা হয় ৷ তাৰপৰা নাৱেৰে ফকিৰগঞ্জ আৰক্ষী থানা আৰু দক্ষিণ শালমাৰা আৰক্ষী থানা এলেকাৰ বিভিন্ন অঞ্চলত নমোৱা হয় পশুধনসমূহ । খৰালি সময়ত ব্ৰহ্মপুত্ৰৰ পানী কমি অহাৰ ফলত পশুধনসমূহ ব্ৰহ্মপুত্ৰৰ বালিচৰেৰে পাৰ কৰাই নিয়া হয় ৷ সীমান্তত বি এছ এফ জোৱান থকা-নথকাৰ তথ্য সংগ্ৰহ কৰি সুযোগ বুজি চোৰাং ব্যৱয়াসীসকলে বাংলাদেশলৈ চালান দিয়ে এনেধৰণৰ চোৰাং গৰুৰ লগতে অন্য পশুধনসমূহ ।
লক্ষণীয় বিষয় যে,অসম-বংগ সীমান্তৰ ছাগলীয়াৰ পৰা গৌৰীপুৰ হৈ বন্দিহানা,ফকিৰগঞ্জ আৰু দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ বিভিন্ন আৰক্ষী থানাৰ সন্মুখেৰে নিয়া এই গৰুৰ জাক সমূহ সাংবাদিকৰ কেমেৰাত ধৰা দিলেও ধৰা নপৰে আৰক্ষীৰ চকুত ৷ অভিযোগ অনুসৰি, গৌৰীপুৰৰ কেইগৰাকীমান গো-মাফিয়াৰে বুজাবুজিৰ ভিত্তিত ধুবুৰী আৰু দক্ষিণ শালমাৰা জিলাৰ আৰক্ষীয়ে গৰুৰ এই ভয়াৱহ চোৰাং ব্যৱসায়ৰ প্ৰতি সেউজ সংকেট প্ৰদান কৰি আহিছে । মাজে সময়ে আৰক্ষীয়ে নাটকীয়ভাৱে একাংশ চোৰাং বেপাৰীক আটক কৰিছে যদিওঁ ছিণ্ডিকেট মাষ্টৰ হিচাপে পৰিচিত ব্যৱসায়ীসকল আৰক্ষীৰ বুকুৰ কুটুম হৈ আছে । যাৰ বিৰুদ্ধে গোচৰ ৰুজু হলেও আৰক্ষীয়ে গ্ৰেপ্তাৰৰ পৰিৱৰ্তে ওলোটাই ৰক্ষণাবেক্ষণহে দিয়ে ৷