ধুবুৰী,8 অক্টোবৰঃ ধুবুৰী আৰক্ষীক মেনেজ কৰিবলৈ গৈ গ্ৰেপ্তাৰ হ’ল তিনি গো মাফিয়া। আৰক্ষী অধীক্ষক আনন্দ মিশ্রৰ কাৰ্যলয় চৌহদত উপস্থিত হোৱাৰ পিছতেই গ্ৰেপ্তাৰ কৰে তিনি আন্তঃৰাষ্ট্ৰীয় গো-মাফিয়াক ৷ গ্ৰেপ্তাৰ মফিজুল হক, আব্দুল কাদেৰ জিলানী,মিৰাজ আহমেদ।
ধুবুৰীত আৰক্ষীৰ জালত গো-মাফিয়া - ধুবুৰীত আৰক্ষীৰ জালত
ৰাজ্যত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে বহিঃ ৰাজ্যলৈ অবৈধ গো সৰবৰাহৰ ঘটনা ৷ বিভিন্ন সময়ত আৰক্ষীৰ অভিযানতো ধৰা পৰিছে গো সৰবৰাহৰ লগত জড়িত বহুজন ৷ ইয়াৰ মাজতে ধুবুৰীত আৰক্ষী জালত পৰিল তিনিটাকৈ গো মাফিয়া ৷
ধুবুৰীত আৰক্ষীৰ জালত গো-মাফিয়া
উল্লেখযোগ্য যে, মীৰাজ আহমেদ হ’ল কুখ্যাত গো মাফিয়া চণ্ডীৰ নিজা ভাতৃ। দুদিন পূৰ্বে গ্ৰেপ্তাৰ হৈছিল গো মাফিয়া আদমৰ ভাতৃ ছাদ্দাম হুছেইন। অতি শীঘ্ৰে গো মাফিয়া আদম আৰু চণ্ডী ধুবুৰী আৰক্ষীৰ জালত পৰিব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।