ধুবুৰী,19 জুলাই : প্ৰবল বানপানীৰ মাজতো ধুবুৰীত অব্যাহত গৰুৰ ৰমৰমীয়া বেহা ৷ ৰাষ্ট্ৰীয় ঘাইপথত দৌৰাত্ম্য গৰুৰ কঢ়িওয়া গাড়ীৰ ৷ গৰুৰ এনে বেহা আৰু দৌৰাত্ম্যত সংঘটিত হ'ল গোলকগঞ্জত পথ দুৰ্ঘটনা ৷ কথমপি ৰক্ষা পৰে এজন বাইক আৰোহীৰ ৷
চোৰাং গৰুৰ গাড়ী দুৰ্ঘটনাগ্ৰস্ত - দুৰ্ঘটনা
অসম বংগ সীমান্তৰ ছাগলীয়াৰ পৰা চৈধ্যটাকৈ গৰু কঢ়িয়াই অনা AS 17 C 0346 নম্বৰৰ বলেৰ' পিক আপ ভান খনে গোলকগঞ্জৰ বাইপাছত খুন্দিয়াই AS 17 A 3609 নম্বৰৰ বাইক আৰোহী বাবুলাল ৰায়ক ৷ পাচত বাইক আৰোহীক গোলকগঞ্জ প্ৰাথমিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও সম্প্ৰতি সংকট জনক বুলি জানিব পৰা গৈছে ৷
অসম বংগ সীমান্তৰ ছাগলীয়াৰ পৰা চৈধ্যটাকৈ গৰু কঢ়িয়াই অনা AS 17 C 0346 নম্বৰৰ বলেৰ' পিক আপ ভান খনে গোলকগঞ্জৰ বাইপাছত খুন্দিয়াই AS 17 A 3609 নম্বৰৰ বাইক আৰোহী বাবুলাল ৰায়ক ৷ পাচত বাইক আৰোহীক গোলকগঞ্জ প্ৰাথমিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও সম্প্ৰতি সংকট জনক বুলি জানিব পৰা গৈছে ৷ ইপিনে পথৰ দাঁতিত পৰি যোৱা গৰু কঢ়িওয়া ব'লেৰ পিক আপ ভেনৰ পৰা 14 টাকৈ গৰু উদ্ধাৰ কৰা হয় ৷নিশা চোৰাং গৰুৰ বিৰুদ্ধে আৰক্ষী তৎপৰ হৈ পৰাৰ পাচতে বেপাৰী সকলে দিনৰ ভাগতে অব্যাহত ৰাখিছে ব্যৱসায় ৷