অসম

assam

ETV Bharat / state

ধুবুৰীত জব্দ 10 টা চোৰাং ভাৱে সৰবৰাহ কৰা গৰু - চোৰাং গৰু ব্যৱসায়ী

ধুবুৰীৰ ভাৰত বাংলা সীমান্তত অব্যাহত আছে পশুধনৰ চোৰাং ব্যৱসায় ৷ শুকুৰবাৰে ধুবুৰীৰ সীমান্তৰ শিয়ালদাহ সীমান্ত সুৰক্ষা বাহিনীৰ অভিযানত জব্দ কৰা হয় চোৰাং ভাৱে সৰবৰাহ কৰা 10টা গৰু ।

ধুবুৰীৰ ভাৰত বাংলা সীমান্তত জব্দ 10টা ভাৱে অনা গৰু
ধুবুৰীৰ ভাৰত বাংলা সীমান্তত জব্দ 10টা ভাৱে অনা গৰু

By

Published : May 23, 2021, 10:39 AM IST

ধুবুৰী,23 মে’: ৰাজ্যত অব্যাহত আছে গৰুৰ চোৰাং ছিণ্ডিকেট ৷ বিভিন্ন সময়ত বিশষকৈ ধুবুৰীৰ বিভিন্ন প্ৰান্তৰ পৰা জব্দ কৰা হয় চোৰাঙকৈ সৰহৰাহ কৰা গৰু ৷ শুকুৰবাৰে ধুবুৰীৰ সীমান্তৰ শিয়ালদাহ সীমান্ত সুৰক্ষা বাহিনীৰ অভিযানত জব্দ কৰা হয় চোৰাং ভাৱে সৰবৰাহ কৰা 10টা গৰু । পৰৱৰ্তী সময়ত জব্দকৃত গৰু কেইটা ধুবুৰীৰ ধৰ্মশালা আৰক্ষীক গতাই দিয়ে সীমান্ত সুৰক্ষা বাহিনীয়ে ৷

অভিযোগ অনুসৰি, ধুবুৰী গৌৰীপুৰৰ আন্তঃৰাষ্ট্ৰীয় গো-মাফিয়া আদম আলী আৰু চণ্ডীৰ নেতৃত্বত ধুবুৰীত গঢ়ি উঠিছিল গৰুৰ বৃহৎ চোৰাং ছিণ্ডিকেট । পৰৱৰ্তী সময়ত আদম আলীক ধুবুৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰাৰ লগতে ধুবুৰীৰ আন কেইবাজনকো এই সংক্ৰান্তত আটক কৰে ধুবুৰী আৰক্ষীয়ে । যাৰ ফলত কিছু পৰিমাণে ধুবুৰীৰ সীমান্তত হ্ৰাস পাইছিল গৰুৰ চোৰাং কাৰবাৰ । কিন্তু পুনৰ যেন আৰম্ভ হৈছে গৰুৰ এনে চোৰাং কাৰবাৰ ।

ধুবুৰীৰ ভাৰত বাংলা সীমান্তত জব্দ 10টা ভাৱে অনা গৰু

উল্লেখ্য যে, দুৰ্নীতি নিৰ্মূল কৰিবলৈ ধুবুৰীৰ নতুন আৰক্ষী অধীক্ষক গৌৰৱ অভিজিৎ দিলীপে যিকোনো চোৰাং ছিণ্ডিকেট আৰু অপৰাধীৰ বিৰুদ্ধে হুংকাৰ প্ৰদান কৰাৰ প্ৰদান কৰিছিল ৷ তাৰ পাচতেই আৰক্ষী তথা সীমান্ত সুৰক্ষা বাহিনীয়ে জব্দ কৰে চোৰাং ভাৱে অনা গৰু কেইটা ৷

প্ৰাপ্ত তথ্য অনুসৰি, চোৰাং গৰু ব্যৱসায়ীয়ে বহিঃৰাজ্যৰ পশুধন অসম-বংগ সীমান্তৰে ধুবুৰীত প্ৰৱেশ কৰোৱাই বিভিন্ন ভিতৰুৱা পথেৰে জাকে জাকে গৰু নিয়া হয় সীমান্ত অঞ্চললৈ । তাৰ পিছতেই সুযোগ বুজি উন্মুক্ত সীমান্তইদি নিশাৰ ভাগত বাংলাদেশলৈ চালান দিয়া হয় এই পশুধনক । অসম-বংগ সীমান্তৰ ছাগলীয়া, আগমণি, গোলকগঞ্জ, বালাজান, গৌৰীপুৰ আৰু ধুবুৰী আৰক্ষী থানা এলেকাৰ বিভিন্ন ভিতৰুৱা স্থল পথেৰে গৰু সমূহ সীমান্ত লৈ নিয়া হয় । এই ক্ষেত্ৰত আৰক্ষীও জড়িত থকাৰ অভিযোগ উত্থাপন কৰি আহিছে সচতন মহলে ৷

লগতে পঢ়ক:ধুবুৰীক অপৰাধমুক্ত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ আৰক্ষী অধীক্ষক গৌৰৱ অভিজিৎ দিলীপ

ABOUT THE AUTHOR

...view details