অসম

assam

ETV Bharat / state

ৰাজ্যত সক্ৰিয় গৰু চিণ্ডিকেট চক্ৰ

ধুবুৰীত BSF ৰ অভিযানত শ-শ চোৰাং গৰু জব্দ ৷ সম্প্ৰতি বানৰ সুযোগ লৈ উন্মুক্ত নদী সীমান্তৰে দিনে নিশাই ধুবুৰীৰ ভাৰত বাংলা সীমান্তৰে বাংলাদেশ লৈ গৰু সৰবৰাহ ৷ ধুবুৰী জিলাত সম্প্ৰতি গঢ়ি উঠিছে চোৰাং গৰুৰ বৃহৎ চিণ্ডিকেট ৷

ধুবুৰীত গৰুৰ বৃহৎ ছিণ্ডিকেট
ধুবুৰীত গৰুৰ বৃহৎ ছিণ্ডিকেট

By

Published : Jul 13, 2020, 9:59 PM IST

ধুবুৰী, 13 জুলাই: লক ডাউনৰ সময়তো বাংলাদেশলৈ চালান শ-শ চোৰাং গৰু ৷ সম্প্ৰতি বানৰ সুযোগ লৈ উন্মুক্ত নদী সীমান্তৰে দিনে নিশাই ধুবুৰীৰ ভাৰত বাংলা সীমান্তৰে বাংলাদেশ লৈ চালান চোৰাং গৰু । বিগত কেইটা দিনত বিএছএফৰ অভিযানত বৃহৎ পৰিমাণৰ চোৰাং গৰু ধৰা পৰাত পুনৰ পোহৰলৈ আহিছে চোৰাং গৰু সৰবৰাহকাৰীৰ ঘটনাৰ ৷ ধুবুৰী জিলাত গঢ়ি উঠিছে চোৰাং গৰুৰ বৃহৎ চিণ্ডিকেট ৷ বহিঃৰাজ্যৰ পৰা ট্ৰাকে ট্ৰাকে চোৰাং ভাৱে অসম বংগ সীমান্তৰ ছাগলীয়াৰে ধুবুৰী জিলাত প্ৰৱেশ কৰি জিলা খনৰ বিভিন্ন অঞ্চলে দি যন্ত্ৰ চালিত নাৱেৰে সীমান্ত অঞ্চললৈ নিয়া হয় চোৰাং গৰু সমূহ । পাচত সুযোগ বুজি উন্মুক্ত নদী সীমান্তৰে বাংলাদেশলৈ প্ৰেৰণ কৰা হয় শ-শ গৰু ।

ধুবুৰী জিলাত গৰুৰ বৃহৎ চিণ্ডিকেট

কিন্তু এই ক্ষেত্ৰত ধুবুৰী জিলা আৰক্ষী অধীক্ষক যুৱৰাজৰ ৰহস্যজনক ভূমিকালৈ সততে অভিযোগ উঠি আহিছে । চৰকাৰে বিভিন্ন সময়ত গৰুৰ চিণ্ডিকেট আৰু চোৰাং কাৰবাৰ বন্ধ কৰা হ’ব বুলি ফুলঝাৰী মাৰি আহিছে যদিও বাস্তৱত সেইয়া কাৰ্যকৰী হৈ উঠা নাই । কাৰণ ধুবুৰীৰWater Wing BSF ছাউনীত জব্দকৃত শ শ গৰু বিশাল গো ছিণ্ডিকেটৰ এক জ্বলন্ত উদাহৰণ ।

ধুবুৰীত গৰুৰ বৃহৎ চিণ্ডিকেট

যোৱা কেইটাদিনত ধুবুৰীৰ ভাৰত বাংলা সীমান্তৰ ভিন্ন অঞ্চলত সীমান্ত সুৰক্ষা বাহিনীয়ে অভিযান চলাই জব্দ কৰে শ শ গৰু । চকিৰ চৰ BOP জব্দ কৰা গৰু সমূহ জমা কৰি ৰখাৰ পিছত ছয় খনকৈ নাৱত প্ৰায় তিনি শতাধিক গৰু লৈ অনা হয় বিএছএফৰ Water Wingৰ ধুবুৰীস্থিত ছাউনীত । পিছত গৰু সমূহ 10 খনকৈ ট্ৰাকেৰে ৰাজ্যৰ বিভিন্ন গো শালা লৈ নিয়াৰ ব্যৱস্থা কৰে বি এছ এফে ।

ৰাজ্যত সক্ৰিয় গৰুৰ চিণ্ডিকেট চক্ৰ

ইপিনে গো মাতাক ৰক্ষা কৰিব লাগিব আৰু এই ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস দিয়ে বিজেপি বিধায়ক অশ্বিনী ৰায় সৰকাৰে । অৱশ্যে এইয়া কিমান দূৰ ফলপ্ৰসূ হৈ উঠিব সেয়া সময়তহে লক্ষণীয় হ’ব ।

লগতে চাওক-জোনাইত অপৰিৱৰ্তিত চিয়াং নদীৰ বান পৰিস্থিতি

ABOUT THE AUTHOR

...view details