ধুবুৰী,২০ জুলাই :ৰাজ্যত অপৰাধ নিৰ্মূল কৰাৰ বাবে অসম আৰক্ষীয়ে বিভিন্ন ধৰণৰ কঠোৰ পদক্ষেপ হাতত লৈছে । তাৰ অংশস্বৰূপে শেহতীয়া মাহবোৰত অসংখ্য এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈছে ৰাজ্যখনত । এতিয়াও বিভিন্ন জিলাত আৰক্ষীৰ এনকাউণ্টাৰ অব্যাহত আছে । এইবাৰ এনকাউণ্টাৰৰ স্থান ধুবুৰী-কোকৰাঝাৰ সীমান্ত (Assam police encounter at West Bengal border)। ধুবুৰী আৰক্ষীৰ গুলীত নিহত হ'ল কুখ্যাত গো-মাফিয়া আদম আলী (Cattle smuggler shot dead by Assam police)।
উল্লেখ্য যে ধুবুৰীৰ ভাৰত-বাংলা সীমান্তৰে সুদীৰ্ঘ সময় ধৰি গৰুৰ চোৰাং ব্যৱসায় চলাই আহিছিল গৌৰীপুৰৰ আদম আলী আৰু সহযোগীসকলে । নামনিৰ ধুবুৰীৰ লগতে আন কেইবাখনো জিলাৰ গৰু চিণ্ডিকেট চক্ৰক নেতৃত্ব দি আহিছিল কুখ্যাত গো-মাফিয়া আদম আলীয়ে । গৰুৰ চোৰাং সৰবৰাহৰ উপৰিও বাংলাদেশৰ হাৱালা চক্ৰৰ সৈতেও আদম আলী জড়িত থকাৰ তথ্য লাভ কৰিছিল ধুবুৰী আৰক্ষীয়ে ।
আদম আলীৰ বিৰুদ্ধে ধুবুৰী, গৌৰীপুৰ, গোলকগঞ্জকে ধৰি জিলাখনৰ বিভিন্ন থানাত ৫ টাকৈ গোচৰ ৰুজু হৈ আছিল । আদমৰ বিৰুদ্ধে ৰুজু হৈ আছিল ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত আন এক গোচৰ । ধুবুৰীত আনন্দ মিশ্ৰ আৰক্ষী অধীক্ষক হৈ থকাৰ সময়তে আৰক্ষীয়ে আদম আলীক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে তেওঁৰ ঘৰৰ পৰা সজীৱ গুলী, মাৰণাস্ত্ৰসহ বহু আপত্তিজনক সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছিল ।
পৰৱৰ্তী সময়ত দুবাৰকৈ গ্ৰেপ্তাৰ হৈ জেললৈ গৈছিল আদম আলী । কিন্তু জেলৰ পৰা জামিন লাভ কৰি পশ্চিমবংগৰ কোচবিহাৰ চহৰত ভাড়াঘৰত আত্মগোপন কৰি গৰুৰ চোৰাং সৰবৰাহ আৰু হাৱালাৰ লগতে আন বিভিন্ন অপৰাধজনিত কাৰ্যত জড়িত থকাৰ অভিযোগ আছিল আদম আলীৰ বিৰুদ্ধে ।