ধুবুৰী, 5 নৱেম্বৰ:ৰাজ্যত সক্ৰিয় হৈ আছে গৰুৰ চোৰাং সৰবৰাহ । গো-সুৰক্ষা আইনলৈ পিঠি দি একাংশ সৰবৰাহকাৰীয়ে বালাংদেশলৈ চোৰাংভাৱে গৰু সৰবৰাহ কৰি আহিছে ৷ দেওবাৰে পুৱাৰ ভাগত ধুবুৰীৰ তামাৰহাটত আৰক্ষীয়ে গৰু সৰবৰাহৰ বিৰুদ্ধে অভিযান চলায় ৷ অভিযানত জব্দ 8 টাকৈ চোৰাংভাৱে অনা গৰু ৷ লগতে আটক কৰা হয় তিনি সৰবৰাহকাৰীক ৷
গৰুৰ চোৰাং সৰবৰাহকাৰীলৈ লক্ষ্য কৰি ধুবুৰীৰ তামাৰহাট আৰক্ষীয়ে চলাব লগীয়া হ’ল গুলী । আৰক্ষীৰ গুলীত আহত হয় এটা গো-সৰবৰাহকাৰী । ইফালে গুলীবিদ্ধ গো-সৰবৰাহকাৰীটোক সংকটজনক অৱস্থাত গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে ।
ঘটনা অনুসৰি, আজি পুৱাৰ ভাগত ধুবুৰীৰ তামাৰহাট আৰক্ষীৰ এটা দলে ধুতুৰামাৰী অঞ্চলত অভিযান চলাই ৷ অভিযানৰ সময়ত জব্দ কৰিছিল AS17 C 2518 নম্বৰৰ এখন গৰু ভৰ্তি বাহন । বাহনখনত চোৰাংভাৱে অনা 8 টাকৈ গৰু আছিল । তদুপৰিও পথ নিৰ্দেশকৰ ভূমিকা গ্ৰহণ কৰা AS16 K 6727 নম্বৰৰ আন এখন চাৰিচকীয়া বাহনো জব্দ কৰিছিল আৰক্ষীয়ে ।