ধুবুৰী, ২২ এপ্ৰিল:অৱশেষত গৌৰীপুৰ আৰক্ষীৰ জালত পৰিল কুখ্যাত গো মাফিয়া জেলাল উদ্দিন বেপাৰী (Cattle smuggling in Assam)। আৰক্ষীৰ এনকাউণ্টাৰত নিহত গো মাফিয়া আদম আলীৰ অন্যতম সতীৰ্থ আছিল গো মাফিয়া জেলাল । আৰক্ষীৰ জালত পৰাৰ ভয়ত দীৰ্ঘ দিন ধৰি আত্মগোপন কৰি আহিছিল নামনিৰ গৰুৰ চোৰাং কাৰবাৰৰ অন্য়তম অভিযুক্ত জেলাল । অৱশেষত ঈদ খাবলৈ আহি জেলাল জালত পৰিল আৰক্ষীৰ (Cow mafia arrested in Gauripur)।
জেলাল উদ্দিন বেপাৰীয়ে দীৰ্ঘদিন ধৰি ভাৰত-বাংলা সীমান্তৰে বাংলাদেশলৈ চোৰাংকৈ পশুধন সৰবৰাহ কৰি গো মাফিয়া হিচাপে চিহ্নিত হৈ আহিছিল । উত্থাপিত অভিযোগ অনুসৰি আৰম্ভণিত সোণ ব্যৱসায়ী আছিল জেলাল বেপাৰী । বাংলাদেশৰ পৰা চোৰাং কৈ সোণ আনি কলকাতাত বিক্ৰী কৰিছিল । পৰৱৰ্তী সময়ত জেলালে আৰম্ভ কৰে পশুধনৰ আন্তঃৰাষ্ট্ৰীয় চোৰাং কাৰবাৰ । বিহাৰ, উত্তৰ প্ৰদেশ, হাৰিয়ানা আদি ৰাজ্য়ৰ পৰা আব্দুল মজিদ, আব্দুল জব্বাৰৰ সৈতে নামিছিল বেপাৰত ৷ পৰৱৰ্তী সময়ত চণ্ডী আৰু আদমৰ সৈতে মিলি জেলালে চলাই গৈছিল গৰুৰ চোৰাং ব্যৱসায় ।
গৰুৰ চোৰাং কাৰবাৰৰ জৰিয়তে অতি কম দিনৰ ভিতৰতেই কোটিপতি হৈ পৰে জেলাল উদ্দিন বেপাৰী । নামনি অসমৰ চোৰাং কাৰবাৰৰ অপৰাধ জগতৰ অন্যতম অভিযুক্ত জেলাল বেপাৰীক বিচাৰি দীৰ্ঘ দিনে আৰক্ষীয়ে চলাই আহিছিল অভিযান । জেলালে অসম আৰক্ষীৰ চকুত ধূলি দি বাংলাদেশ আৰু পশ্চিম বংগত আত্মগোপন কৰি থাকি গোপনে চলাই আহিছিল পশুধনৰ চোৰাং ছিণ্ডিকেট ।