নিশাৰ ভিতৰতে ধুবুৰী আৰু মানকাচৰত ১১ জনকৈ গৰুৰ চোৰাং ব্যৱয়ায়ী গ্ৰেপ্তাৰ - ETV_BHARAT_ASSAM
মানকাচৰ আৰু ধুবুৰীৰ ভাৰত বাংলাদেশ সীমান্তত বৃদ্ধি পাইছে গৰুৰ চোৰাং ব্যৱসায় । কাঁইটীয়া তাঁৰৰ বেৰ কাটি বাংলাদেশলৈ গৰু সৰবৰাহ কৰিবলৈ আৰম্ভ কৰিছে চোৰাং গৰু ব্যৱসায়ীয়ে ।
ধুবুৰী আৰু মানকাচৰত ১১ জনকৈ গৰুৰ চোৰাং ব্যৱয়ায়ী গ্ৰেপ্তাৰ
ধুবুৰী,১২ জুনঃ মুখ্যমন্ত্ৰীৰ দুৰ্নীতি আৰু ছিণ্ডিকেটৰ বিৰুদ্ধে তীব্ৰ অভিযানৰ ঘোষণাৰ পিছতেই হঠাৎ আৰক্ষীৰ অভিযানত তীব্ৰতা । একে নিশাই ধুবুৰী আৰু মানকাচৰত ১১ জনকৈ গৰুৰ চোৰাং ব্যৱয়ায়ী গ্ৰেপ্তাৰ । উল্লেখনীয়ভাৱে , মানকাচৰ আৰু ধুবুৰীৰ ভাৰত বাংলাদেশ সীমান্তত বৃদ্ধি পাইছে গৰুৰ চোৰাং ব্যৱসায় । মানকাচৰত ধৰা পৰিল এনে ৯ গৰাকী গৰু চোৰাং বেপাৰী আনহাতে ধুবুৰীৰ গৌৰীপুৰ আৰু বালাজনত আৰক্ষীৰ জালত পৰিল দুজনকৈ ব্যৱসায়ী । লগতে আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় মুঠ ৯ টাকৈ চোৰাং গৰু ।