অসম

assam

By

Published : Oct 12, 2020, 9:14 PM IST

ETV Bharat / state

গো-মাফিয়া আদম আলীক 10 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

হিন্দী বোলছবি সিংঘমৰ ষ্টাইলত সোমবাৰে মষ্ট ৱান্টেড আদম আলীক গাড়ীৰ পৰিৱৰ্তে ধুবুৰী সদৰ আৰক্ষী থানাৰ পৰা খোজকঢ়াই নি আদালতত হাজিৰ কৰোৱা হৈছিল । ইপিনে ধুবুৰী জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই এই সন্দৰ্ভত কয় যে, আদম আলী কেৱল গৰুৰ চোৰাং ব্যৱসায়ৰ সৈতে জড়িত থকাই নহয়, দেশ বিৰোধী বিভিন্ন চক্ৰৰ সৈতে আদম আলীৰ সম্পৰ্ক আছে ।

cattle-smuggler-adam-ali-send-to-police-custody
গো-মাফিয়া আদম আলীক 10 দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

ধুবুৰী, 12 অক্টোবৰ: আন্তঃৰাষ্ট্ৰীয় গৰুৰ চোৰাং ছিণ্ডিকেটৰ অন্যতম খলনায়ক তথা অসম আৰক্ষীৰ মষ্ট ৱান্টেড অপৰাধী আদম আলীক সোমবাৰে ধুবুৰী আদালতত হাজিৰ কৰায় ধুবুৰী আৰক্ষীয়ে । আদালতত হাজিৰ কৰাই চৈধ্য দিনৰ আৰক্ষীৰ জিম্মাত বিচাৰে যদিও আদালতে দহ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে আদম আলীক ।

গো-মাফিয়া আদম আলীক 10 দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

উল্লেখ্য যে, দেওবাৰে গুৱাহাটী হাতীগাঁওৰ পৰা ক্ৰাইম ব্ৰান্স আৰু ধুবুৰী আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হৈছিল আদম আলী। তাৰ পিছতেই আদমৰ দুখনকৈ বাসগৃহত আৰক্ষীয়ে অভিযান চলাই মাৰণাস্ত্ৰ আৰু গুলি সহ বহু আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে। এই সন্দৰ্ভত গৌৰীপুৰ আৰক্ষী থানাত ১১৯০/২০ নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ ১২০(বি)/ ১২১/ ১২১(এ)/১২২/৩৭১ আৰু আৰ ডব্লিউ আইনৰ ২৫(১-এএ) ধাৰাত এক গোচৰ ৰুজু কৰে । উক্ত গোচৰৰ ভিত্তিত সোমবাৰে ধুবুৰী আদালতত হাজিৰ কৰোৱা হয় আদম আলীক । আনহাতে আদম আলীৰ লগতে গুৱাহাটীৰ পৰা আব্দুল জাহিদ ওৰফে মুন্না নামৰ আন এজনকো গ্ৰেপ্তাৰ কৰি সোমবাৰে আদালতত হাজিৰ কৰাইছিল ধুবুৰী আৰক্ষীয়ে।

গো-মাফিয়া আদম আলীক 10 দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

লক্ষণীয় বিষয় যে, হিন্দী বোলছবি সিংঘমৰ ষ্টাইলত সোমবাৰে মষ্ট ৱান্টেড আদম আলীক গাড়ীৰ পৰিৱৰ্তে ধুবুৰী সদৰ আৰক্ষী থানাৰ পৰা খোজকঢ়াই নি আদালতত হাজিৰ কৰোৱা হৈছিল । ইপিনে ধুবুৰী জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই এই সন্দৰ্ভত কয় যে, আদম আলী কেৱল গৰুৰ চোৰাং ব্যৱসায়ৰ সৈতে জড়িত থকাই নহয়, দেশ বিৰোধী বিভিন্ন চক্ৰৰ সৈতে আদম আলীৰ সম্পৰ্ক আছে । আদমৰ লগতে আন কেইবাজনো লোক এই চক্ৰৰ সৈতে জড়িত থকা বুলিও উল্লেখ কৰে আৰক্ষী অধীক্ষক গৰাকীয়ে ।

গো-মাফিয়া আদম আলীক 10 দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

উল্লেখ্য যে, আদম আলীৰ বিৰুদ্ধে ধুবুৰী আৰু গৌৰীপুৰ আৰক্ষী থানাত আন কেইবাটাও গোচৰ ৰুজু হৈ আছে বুলিও জানিব পৰা গৈছে। এতিয়া আৰক্ষীয়ে আদম আলীক দহ দিনৰ বাবে জিম্মালৈ নিয়াৰ পিছত আৰু কি কি তথ্য উদঘাটন কৰিবলৈ সক্ষম হয় সেয়াই সময়তহে লক্ষণীয় হ‘ব ৷

লগতে পঢ়ক: বাঁহেৰে নিৰ্মিত এখন চাৰিচকীয়া বাহন

ABOUT THE AUTHOR

...view details