দক্ষিণ শালমাৰা মানকাছাৰ, 24 আগষ্ট : দক্ষিণ শালমাৰা মানকাছাৰ জিলাৰ ভাৰত-বাংলা সীমান্তৰে একাংশ বেপাৰীয়ে অব্যাহত ৰাখিছে বাংলাদেশলৈ চোৰাং গৰুৰ ৰমৰমীয়া বেহা। দুদিন পূৰ্বে বি এছ এফৰ এটা দলে আঠটা গৰুসহ দুজন চোৰাং ব্যৱসায়ীক আটক কৰাৰ পাছত শুকুৰবাৰে পুনৰ ১৭ টা চোৰাং গৰুসহ ছয়জন চোৰাং গৰু সৰবৰাহকাৰীক আটক কৰে ৷ দক্ষিণ শালমাৰা মানকাছাৰ জিলা সদৰ হাটশিঙিমাৰীৰ পৰা প্ৰায় তিনি কিলোমিটাৰ নিলগৰ দক্ষিণ শালমাৰা আৰক্ষী থানাৰ অন্তৰ্গত খাৰুৱাবান্ধা আৰক্ষী চকীৰ ভাৰত-বাংলা সীমান্তৰ শিশুমাৰা আৰু বৰাইৰ আলগা বিওপিৰ ৬ নং বি এন বি এছ এফৰ যৌথ তহলদাৰী জোৱানৰ দলে অভিযান চলাই আটক কৰে চোৰাং গৰু সৰবৰাহকাৰীকেইটাক ৷
চোৰাং গৰুসহ আটক ছয়জন - ধুবুৰী
দক্ষিণ শালমাৰা মানকাছাৰৰ ভাৰত-বাংলা সীমান্তত অব্যাহত আছে গৰুৰ চোৰাং ব্যৱসায় । বিএছএফৰ অভিযানত পুনৰ ১৭ টা চোৰাং গৰুসহ আটক ছয় চোৰাং সৰবৰাহকাৰী ।

চোৰাং গৰুসহ আটক ছয়জন
চোৰাং গৰুসহ আটক ছয়জন
আটকধীন সৰবৰাহকাৰীকেইটা ক্ৰমে ভাৰত-বাংলা সীমান্তৰ খোপাতীয়া গাঁৱৰ বাসিন্দা আতাউৰ ৰহমান (27), হাতীৰচৰ গাঁৱৰ বাসিন্দা লাল চান্দ আলী শেখ (18), দেওয়ান আলগা গাঁৱৰ দয়াল হুছেইন (29), পাইকাৰ কান্দি গাঁৱৰ আফতাৰ আলী (18), বৰ্মনপাৰা গাঁৱৰ ৰছিদ শেখ (34) আৰু বৰাইৰ আলগা চৰ গাঁৱৰ মোস্তাফিজুৰ ৰহমান (18) বুলি জানিব পৰা গৈছে । সীমান্ত সুৰক্ষা বাহিনীয়ে গৰুসহ আটক সৰবৰাহকাৰীকেইটাক খাৰুৱা বান্ধা আৰক্ষীক গতাই দিয়াৰ লগতে ঘটনাৰ সন্দৰ্ভত এখন এজাহাৰো দাখিল কৰে ।