ধুবুৰী,12 জুনঃমুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিয়েই হিমন্ত বিশ্ব শৰ্মাই ড্ৰগাছ মুক্ত এখন অসম গঢ়াৰ বাবে অংগীকাৰ গ্ৰহণ কৰিছিল ৷ তাৰপাচতে ৰাজ্যৰ জিলাই জিলাই আৰক্ষীয়ে অভিযান চলাই প্ৰতিদিনে বৃহৎ পৰিমাণৰ ড্ৰাগছৰ লগতে ড্ৰাগছ সৰবৰাহকাৰীক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে ৷
একেদৰে হিমন্ত বিশ্ব শৰ্মাই ড্ৰাগছৰ সমান্তৰালভাবে ৰাজ্যত দীৰ্ঘদিনৰ পৰা চোৰাং ভাবে চলি থকা গৰু চিণ্ডিকেট বন্ধ কৰিবলৈ অসম আৰক্ষীক দিছে কঠোৰ নিৰ্দেশ ৷ এই নিৰ্দেশ লাভৰ পাচতেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত গৰুৰ চোৰাং কাৰবাৰৰ বিৰুদ্ধে জঁপিয়াই পৰিছে আৰক্ষী প্ৰশাসন ।
মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাচতে শুকুৰবাৰে নিশা ধুবুৰীৰ পাগলাহাটত আৰক্ষীয়ে অভিযান চলাই 14 টাকৈ গৰু চোৰাং ভাৱে সৰবৰাহ কৰাৰ সময়তে আটক কৰিবলৈ সক্ষম হয় । উল্লেখযোগ্য যে, মুখ্যমন্ত্ৰীৰ নিৰ্দেশ আৰু আৰক্ষী প্ৰশাসন অভিযানৰ প্ৰতি লক্ষ্য কৰি নতুন নতুন কৌশল অৱলম্বন কৰি গৰুৰ চোৰাং বেপাৰীয়ে বাংলাদেশলৈ সৰবৰাহ কৰি গৈছে পশুধন ।