অসম

assam

By

Published : Feb 12, 2021, 1:34 PM IST

ETV Bharat / state

পৰ্বতঝোৰাত আৰক্ষীৰ হাতত জব্দ ১৮ টাকৈ চোৰাং গৰু

কোকৰাঝাৰৰ পৰ্বতঝোৰাত পুনৰ ১৮ টা চোৰাং গৰু জব্দ । লগতে বাইকসহ এজনক আটক ।

পৰ্বতঝোৰাত আৰক্ষীৰ হাতত জব্দ ১৮ টাকৈ চোৰাং গৰু
পৰ্বতঝোৰাত আৰক্ষীৰ হাতত জব্দ ১৮ টাকৈ চোৰাং গৰু

ধুবুৰী, ১২ ফেব্ৰুৱাৰী: কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰাত আজিও সক্ৰিয় হৈ আছে চোৰাং গৰুৰ ৰমৰমীয়া ব্যৱসায় । এই ব্যৱসায় অব্যাহত থকাৰ সময়তে বৃহস্পতিবাৰে আৰক্ষীয়ে পুনৰ জব্দ কৰে ১৮ টাকৈ চোৰাং গৰু ।

পৰ্বতঝোৰাত আৰক্ষীৰ হাতত জব্দ ১৮ টাকৈ চোৰাং গৰু

বৃহস্পতিবাৰে নিশা নৱ নিযুক্ত পৰ্বতঝোৰা মহকুমা আৰক্ষী বিষয়া ত্ৰিনয়ন ভূঞাই এক গোপন তথ্যৰ ভিত্তিত অভিযান চলায় । ত্ৰিনয়ন ভূঞাৰ নেতৃত্বত কাজিগাঁও আৰু বগৰীবাৰী আৰক্ষীৰ যৌথ অভিযানত পৰ্বতঝোৰাৰ পৰা ধুবুৰীলৈ আহি থকাৰ সময়তে ১৮ টাকৈ চোৰাং গৰু জব্দ কৰা হয় । লগতে AS ১৬ D ৪৭৯২ নম্বৰৰ এখন মটৰ চাইকল আৰু হাশেম আলী নামৰ এজনক আটক কৰে আৰক্ষীয়ে ।

বাইকসহ এজনক আটক

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি এই চোৰাং গৰু পশ্চিম বংগৰ সোণাপুৰৰ শ্ৰীৰামপুৰ গেটেৰে ট্ৰাকেৰে আনি গোঁসাইগাঁৱৰ এক বিশেষ ঠাইত গোপনে নমাই ধুবুৰীৰ পৰা বাংলাদেশলৈ সৰবৰাহ কৰি আহিছে একাংশ দুষ্ট চক্ৰই । সম্প্ৰতি আটকাধীন লোকজনক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে । লোকজনৰ স্বীকাৰোক্তিত কেতবোৰ তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা প্ৰকাশ কৰিছে আৰক্ষীয়ে ।

লগতে পঢ়ক:জনপ্ৰিয় নৃত্যশিল্পী স্বপ্না চৌধুৰীৰ বিৰুদ্ধে দাখিল এজাহাৰ

ABOUT THE AUTHOR

...view details