অসম

assam

ETV Bharat / state

টিপকাইত জব্দ ২৮ টা চোৰাং গৰু

নামনি অসমৰ নদী পথেৰে বাংলাদেশ লৈ অব্যাহত আছে গৰু সৰবৰাহ ৷ গৰু ছিণ্ডিকেট চক্ৰই ধুবুৰী জিলাৰ বিভিন্ন নদী পথেৰে পুনৰ সৰবৰাহ কৰি আহিছে চোৰাং গৰু ৷ কাজীগাঁও আৰক্ষীৰ দলে অভিযান চলাই বুধবাৰে বিয়লি জব্দ কৰে ২৮ টা চোৰাং গৰু ৷

By

Published : Apr 22, 2021, 1:48 PM IST

টিপকাইত জব্দ  ২৮টা চোৰাং গৰু
টিপকাইত জব্দ ২৮টা চোৰাং গৰু

পশ্চিম বিলাসীপাৰা, 22 এপ্ৰিল :ৰাজ্যত অব্যাহত আছে চোৰাং গৰু ছিণ্ডিকেট চক্ৰ ৷ নামনি অসমৰ নদী পথেৰে বাংলাদেশ লৈ অব্যাহত হৈ আছে গৰু সৰবৰাহ ৷ বুধবাৰে পৰ্বতঝোৰা মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত কাজীগাঁও আৰক্ষীৰ এটা দলে অভিযান চলাই বিলাসীপাৰা মহকুমাৰ সীমান্তৱৰ্তী টিপকাইৰ ঘন জংঘলৰ পৰা ২৮ টা উন্নত জাতৰ চোৰাং গৰু জব্দ কৰিবলৈ সক্ষম হয় ৷ অৱশ্যে আৰক্ষীৰ উপস্থিতিৰ উমান পাই পলাই যাবলৈ সক্ষম হয় চোৰাং গৰু ছিণ্ডিকেট চক্ৰৰ লগত জড়িত সদস্য সকল ৷

টিপকাইত জব্দ ২৮টা চোৰাং গৰু

প্ৰাপ্ত তথ্য অনুসৰি, গৰু ছিণ্ডিকেট চক্ৰই ধুবুৰী জিলাৰ বিভিন্ন নদী পথেৰে পুনৰ সৰবৰাহ কৰি আহিছে চোৰাং গৰু ৷ ৰাজ্যৰ সচেতন মহলৰ অভিযোগ অনুসৰি, এনে গৰু ছিণ্ডিকেট চক্ৰৰ বিৰুদ্ধে চৰকাৰী কোনো কঠোৰ আইনৰ ব্যৱস্থা নথকাৰ বাবে আইনৰ সুৰুঙাৰে সাৰি যাবলৈ সক্ষম হয় গৰু ছিণ্ডিকেট চক্ৰই ৷ এই সন্দৰ্ভত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে পৰ্বতঝোৰা মহকুমা আৰক্ষী বিষয়া ত্ৰিনয়ন ভূঞাই ৷

লগতে পঢ়ক :পৰম্পৰাগত ভাৱে উদযাপন দেউৰী বিহু

ABOUT THE AUTHOR

...view details