অসম

assam

ETV Bharat / state

বিলাসীপাৰাত জব্দ 16 টা চোৰাং গৰু

সোমবাৰে নিশা বিলাসীপাৰা নগৰ উপ পৰিদৰ্শক মহিদুল জামান নেতৃত্বত চলা এক গোপন অভিযানৰ ভিত্তিত জব্দ হৈছে 16 টা চোৰাং গৰু ৷

By

Published : Mar 30, 2021, 9:52 AM IST

বিলাসীপাৰাত জব্দ 16টা চোৰাং গৰু
বিলাসীপাৰাত জব্দ 16টা চোৰাং গৰু

পশ্চিম বিলাসীপাৰা,30 মাৰ্চ: ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ ছিণ্ডিকেট চক্ৰ ৷ ৰাজ্যৰ অন্য প্ৰান্তৰ তুলনাত বিলাসীপাৰাত অব্যাহত আছে চোৰাং গৰুৰ ৰমৰমীয়া বেহা ৷ সোমবাৰে নিশা বিলাসীপাৰাৰ 2নং ৱাৰ্ডত জব্দ হৈছে 16 টা চোৰাং গৰু ৷

উল্লেখ্য যে, সোমবাৰে নিশা বিলাসীপাৰা নগৰ উপ পৰিদৰ্শক মহিদুল জামান নেতৃত্বত চলা এক গোপন অভিযানৰ ভিত্তিত জব্দ হৈছে এই চোৰাং গৰু ৷ বিলাসীপাৰা আৰক্ষীয়ে এই চোৰাং গৰু কেইটা জব্দ কৰিবলৈ সক্ষম হয় যদিও আৰক্ষীৰ উপস্থিতিৰ উমান পাই নিশাৰ আন্ধাৰৰ সুযোগ লৈ গৰু সৰবৰাহকাৰীয়ে পলায়ন কৰে ৷

বিলাসীপাৰাত জব্দ 16টা চোৰাং গৰু

পৰৱৰ্তী পৰ্যায়ত গৰু কেইটা আৰক্ষীয়ে খোৱাৰত (POND) জমা দিয়ে ৷ এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক:প্ৰধানমন্ত্ৰীৰ কোকৰাঝাৰ ভ্ৰমণৰ প্ৰাকক্ষণত বৃহৎ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ

ABOUT THE AUTHOR

...view details