পশ্চিম বিলাসীপাৰা, ১২ আগষ্ট: ৰাজ্যত গৰুৰ চোৰাং বেহা অথবা চিণ্ডিকেট নচলিব ৷ মুখ্যমন্ত্ৰীয়ে এইদৰে কোৱাৰ পাচতেই তৎপৰ হৈ পৰিল আৰক্ষী প্ৰশাসন ৷ জিলাই জিলাই চলিল অভিযান ৷ জব্দ হ’ল গৰু, আটক হ’ল বহু সৰবৰাহকাৰী তথা মাফিয়া ৷ কিন্তু কথাটো তাতেই শেষ নহ’ল ৷
গৰুৰ চোৰাং বেহা(Cattle Smuggling)ৰ বাবে ন ন উপায় অৱলম্বন কৰে সৰবৰাহকাৰীয়ে । সমানে ক্ষীপ্ৰ হৈছে আৰক্ষীও ৷ বৃহস্পতিবাৰে বিলাসীপাৰাৰ বাবুৰহাটত আৰক্ষীয়ে অভিযান চলাই চোৰাংভাৱে বাংলাদেশলৈ সৰবৰাহ কৰিবলৈ ৰখা ৪০টা গৰু জব্দ কৰে । কিন্তু ৰহস্যজনকভাৱে আৰক্ষীয়ে গৰু ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম নহ'ল ।
আৰক্ষী-প্ৰশাসনৰ নীৰৱ ভূমিকাৰ সুযোগ লৈ একাংশ চোৰাং ব্যৱসায়ীয়ে ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী ধুবুৰী জিলাত চলাই আছে গৰুৰ চোৰাং বেহা । বৃহস্পতিবাৰে পুৱা গোপন সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত বিলাসীপাৰা মহকুমাৰ আৰক্ষী বিষয়া বিৰিঞ্চি বৰাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে বিলাসীপাৰাৰ বাবুৰহাটত অভিযান চলায় । এই অভিযানত আৰক্ষীয়ে ৪০টা গৰু জব্দ কৰে ।