ধুবুৰী,8 জুলাই:সম্প্ৰতি বানৰ কবলত পৰি ককবকাই আছে ৰাজ্যবাসী ৷ বানে প্ৰতিখন জিলাৰে প্ৰায়বোৰ অঞ্চল ক্ষতিগ্ৰস্ত কৰাত দেখা দিছে খাদ্য় সংকটে ৷ সেয়ে অসম চৰকাৰৰ উদ্যোগত বানে ধোৱা অঞ্চলসমূহত জন সাধাৰণক সকাহ দিয়াৰ উদ্দেশ্যে বিতৰণ কৰা হৈছে খাদ্য সামগ্ৰী ৷ সাধাৰণ লোকৰ বাদেও পশুধনৰ বাবে আগবঢ়োৱা হৈছে পশু খাদ্য ৷ সম্প্ৰতি এই পশু খাদ্য বিতৰণতো ব্যাপক খেলিমেলি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ধুবুৰী জিলাত ৷ জিলাখনৰ পামপাৰ চতলাৰপাৰ গাওঁ পঞ্চায়তৰ অন্তৰ্গত শেৰশো গাঁৱত এই খেলিমেলি সংঘটিত হোৱাৰ কথা জানিব পৰা গৈছে ৷
প্ৰাপ্ত অভিযোগ অনুসৰি, চৰকাৰে উক্ত গাঁৱৰ নামত পশু খাদ্যৰ বাবে আবণ্টন দিছিল 71 বস্তা চাপৰ ৷ কিন্তু ৱাৰ্ড সদস্য আফজাল আলীৰ লগতে আশকৰ আলী মাষ্টাৰ, ৰমজান আলী আৰু নুৰুল ইছলাম নামৰ তিনিগৰাকী ব্যক্তিয়ে মইমতালিৰে হিতাধিকাৰীসকলক পশু খাদ্য কমকৈ বিতৰণ কৰাৰ লগতে প্ৰায় 25 বস্তা চাপৰ আত্মসাৎ কৰা বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ কিন্তু ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশৰ পৰা বিৰত থাকে ৱাৰ্ড সদস্য আফজাল আলী ৷ আলীয়ে বিষয়টো পঞ্চায়তখনৰ সভানেত্ৰী আৰু স্বামীৰ পক্ষত এৰি দি এই বিষয়ে সকলো জ্ঞাত বুলি উল্লেখ কৰে । পূৰ্বতে সভানেত্ৰীগৰাকীৰ স্বামীৰ বিৰুদ্ধে কেইবাটাও দুৰ্নীতিৰ গোচৰ ৰুজু হৈছে । কিন্তু তাৎপৰ্যপূৰ্ণভাৱে তেনে এগৰাকী সভানেত্ৰীৰ স্বামীৰ বিৰুদ্ধে আজিলৈকে কোনোধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই ফকিৰগঞ্জ আৰক্ষীয়ে ৷