ধুবুৰী,18জানুৱাৰী:ধুবুৰীত সংঘটিত হৈছে ম'ৰেল পুলিচৰ ঘটনা ৷ ম'ৰেল পুলিচৰ বলি হ'ল ৰফিকুল মণ্ডল নামৰ এজন লোক ৷ জানিব পৰা মতে,ধুবুৰী জিলাৰ গোলকগঞ্জ থানাৰ অন্তৰ্গত ভাৰত বাংলাদেশৰ সীমান্ত অঞ্চলৰ পশ্চিম গাইখোৱাত গাঁওৰক্ষী বাহিনীৰ সম্পাদক ৰফিকুল মণ্ডলে নিজৰ কৰ্তব্য পালন কৰি ঘৰলৈ গৈ আছিল ৷ তেনে সময়তে একেখন গাঁৱৰে মইনুল হক নামৰ লোকজনে লগত গুণ্ডা বাহিনী লগত লৈ ৰফিকুলক আক্ৰমণৰ বাবে খাপ পিটি আছিল ৷ সম্পূৰ্ণ পৰিকল্পিতভাৱে ৰফিকুল মণ্ডলক চোঁচৰাই নিজৰ ঘৰলৈ লৈ গৈ হাত ভৰি বান্ধি অত্যাচাৰ চলোৱাৰ লগতে হত্যাৰ চেষ্টা কৰে ৷
ইপিনে,এই ঘটনাৰ খবৰ পোৱা মাত্ৰকে মইনুল হকৰ বাসগৃহত নালিয়া উপ আৰক্ষী চকীৰ আৰক্ষীৰ এটা দল উপস্থিত হয় আৰু ৰফিকুল মণ্ডলক উদ্ধাৰ কৰে ৷ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ৰফিকুলক বেৰভাঙী চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও উন্নত চিকিৎসাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয় লৈ প্ৰেৰণ কৰা হয় ৷ বৰ্তমানে গাঁওৰক্ষী বাহিনীৰ সম্পাদক ৰফিকুল ধুবুৰী অসামৰিক চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজি আছে ৷