ধুবুৰী,15 মাৰ্চ: বিজেপিৰ তৃতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ পোৱাৰ পাচতেই এতিয়া প্ৰাৰ্থিত্বৰ অংকত জংক-পংক হৈছে ধুবুৰীৰ ২৪ নং গৌৰীপুৰ সমষ্টিত ৷ উল্লেখ্য যে গৌৰীপুৰ সমষ্টিটো ইউপিপিএলক এৰি দিয়াত অসন্তুষ্টি প্ৰকাশ কৰিছে সমষ্টিটোৰ বিজেপী কৰ্মীসকলে ৷
দীৰ্ঘদিনৰ পৰাই গৌৰীপুৰত বিজেপিৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিবলৈ দাবী জনাই আহিছিল বিজেপিৰ কাৰ্যকৰ্তাসকলে । কিন্তু শেষ মুহুৰ্তত মিত্ৰজোঁটে ইউপিপিএলক সমষ্টিটো এৰি দিয়াত ক্ষোভিত হৈ পৰিছে বিজেপি কৰ্মীসকল ।