অসম

assam

ETV Bharat / state

বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰাজ্যজুৰি পালন কৰা হ'ল মহাবীৰ চিলাৰায় দিৱস - assam

আজি মহাবীৰ চিলাৰায়ৰ 510 তম জন্মজয়ন্তী উপলক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত কৰা হয় বৰ্ণাঢ্য কাৰ্যসূচীৰ ৷ ধুবুৰীৰ গৌৰীপুৰত, তিনিচুকীয়াৰ কাকপথাৰত আৰু বাক্সাৰ তামুলপুৰ হৰি মন্দিৰ প্ৰাংগণতো বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হয় চিলাৰায় দিৱস ৷

মহাবীৰ চিলাৰায় দিৱস
মহাবীৰ চিলাৰায় দিৱস

By

Published : Feb 9, 2020, 7:28 PM IST

ধুবুৰী, 9 ফেব্ৰুৱাৰীঃ আজি মহাবীৰ চিলাৰায়ৰ 510 তম জন্ম জয়ন্তী উপলক্ষে ধুবুৰীৰ গৌৰীপুৰত, বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হয় চিলাৰায় দিৱস ৷ গৌৰীপুৰ চিলাৰায় উদ্যানত পালন কৰা এই কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে, গোলকগঞ্জ বিধানসভা সমষ্টিৰ বিধায়ক অশ্বিনী ৰায় সৰকাৰ আৰু বিপিএফ নেতা তথা গৌৰীপুৰৰ প্ৰাক্তন বিধায়ক বনেন্দ্ৰ কুমাৰ মুছাহাৰীয়ে ৷ এই অনুষ্ঠানত উপস্থিত থাকি বিধায়ক অশ্বিনী ৰায় সৰকাৰে, গোলকগঞ্জত এখন চিলাৰায় কলাক্ষেত্ৰ নিৰ্মাণৰ সিদ্ধান্ত লোৱাৰ লগতে বঙাইগাঁৱতো আন এক প্ৰকল্প নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি উল্লেখ কৰে ৷

বৰ্ণাঢ্য কাৰ্যসূচীৰে ধুবুৰীৰ গৌৰীপুৰত পালন কৰা হয় চিলাৰায় দিৱস

কাকপথাৰঃ ইফালে তিনিচুকীয়াৰ কাকপথাৰতো 510 তম চিলাৰায় দিৱস উপলক্ষে কাকপথাৰ আঞ্চলিক সাংস্কৃতিক সংঘত, পোনপ্ৰথম বাৰৰ বাবে তিনিচুকীয়া জিলা আৰু কাকপথাৰ আঞ্চলিক কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ লগতে কোচ ৰাজবংশী মহিলা সংগ্ৰাম সমিতিৰ উদ্যোগত চিলাৰায় দিৱস পালন কৰা হয় ৷ এই অনুষ্ঠানত শোভাযাত্ৰা, চিত্ৰাংকণ প্ৰতিযোগিতাৰ লগতে এখন মুকলি সভাও অনুষ্ঠিত কৰা হয় ৷

তিনিচুকীয়াৰ কাকপথাৰতো বীৰ চিলাৰায়ৰ 510 তম জন্মজয়ন্তী পালন

বাক্সাঃবাক্সাৰ তামুলপুৰ হৰি মন্দিৰ প্ৰাংগণতো সদৌ অসম কোচ-ৰাজবংশী সন্মিলনী তামুলপুৰ জিলা সমিতিৰ উদ্যোগত, দিনযোৰা কাৰ্য্যসুচীৰে চিলাৰায় দিৱস পলন কৰা হয় ৷

বাক্সাৰ তামুলপুৰ হৰি মন্দিৰ প্ৰাংগণতো পালন মহাবীৰ চিলাৰায় দিৱস

এই কাৰ্যসূচীত দিনৰ ১২ বজাত বীৰ চিলাৰায়ৰ জীৱন আলোকপাত সম্পৰ্কীয় এখন আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয় ৷ আলোচনা চক্ৰত নলবাৰী মহাবিদ্যালয়ৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ত্ৰিকেন্দ্ৰ দাস, অৰুণাচল বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক অতুল তালুকদাৰৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

লগতে পঢ়ক ঃ বঙাইগাঁও জিলা কৰ্তৃপক্ষৰ চিলাৰায়ৰ প্ৰতিমূৰ্তি উন্মোচন

ABOUT THE AUTHOR

...view details