বিলাসীপাৰা, ২৫ মে':বিলাসীপাৰা চহৰত বুধবাৰে মাজনিশা সংঘটিত হয় দুৰ্বৃত্তৰ চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা । চহৰখনৰ ৮ নং ৱাৰ্ডস্থিত ভৈৰৱগঞ্জৰ এজন প্ৰতিষ্ঠিত ব্যৱসায়ীক ভাড়াঘৰৰ ভিতৰত গুলীয়াই হত্যা কৰে দুৰ্বৃত্তই ৷ নিহত ব্যৱসায়ীজন বাছেৰ আলী বুলি জানিব পৰা হৈছে (Miscreants Open Fire on Businessman in Assam) ৷ ব্যৱসায়ীজনৰ ভাড়াঘৰৰ খিৰিকী ভাঙি ভিতৰত প্ৰবেশ কৰি দুৰ্বৃত্তই শূন্য দূৰত্বৰ পৰা গুলিয়াই হত্যা কৰে(Firing incident in Goalpara) ৷
বাছেৰ আলীৰ ঘৰ ছুৱাপাতা প্ৰথম খণ্ড গাঁৱত বুলি জানিব পৰা গৈছে । মাজনিশা সংঘটিত হোৱা এই চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনাকলৈ বিলাসীপাৰাত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া । প্ৰতিষ্ঠিত ব্যৱসায়ীকজনক আচলতে কি কাৰণত গুলীয়াই হত্যা কৰা হ’ল সেয়া বৰ্তমান ৰহস্যৰ আৱৰ্তত (Businessman shot at by unidentified miscreants) । আনহাতে নিশা এই ঘটনাৰ সম্ভেদ লাভ কৰাৰ পাচতেই ঘটনাস্থলীত বিলাসীপাৰা মহকুমা আৰক্ষীৰ লগতে ধুবুৰী জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ দল উপস্থিত হৈ অব্যাহত ৰাখে ঘটনাৰ তদন্ত ৷
লগতে পঢ়ক :Hizbul Operative Imprisonment : হিজবুল সদস্যক ৫ বছৰৰ কাৰাদণ্ড অসমৰ NIA আদালতৰ