অসম

assam

By

Published : May 31, 2019, 12:52 PM IST

ETV Bharat / state

ক'ত আছে বিজু!

ব্যৱসায়ীজনক অজ্ঞাত দুৰ্বৃত্তই অপহৰণ কৰাৰ সন্দেহ পৰিয়ালৰ লোকৰ । ঘটনা সংক্ৰান্তত চাপৰ থানাত এজাহাৰ দাখিল ব্যৱসায়ীগৰাকীৰ পৰিয়ালবৰ্গৰ ।

পূৱ বিলাসীপাৰাৰ চাপৰৰ মাজ মজিয়াৰ পৰা নিৰুদ্দেশ যুৱ ব্যৱসায়ী

বিলাসীপাৰা পূৱ, ৩১ মে': পূৱ বিলাসীপাৰাৰ পৰা নিৰুদ্দেশ যুৱ ব্যৱসায়ী । বুধবাৰে সন্ধিয়াৰে পৰা পূৱ বিলাসীপাৰাৰ চাপৰ বজাৰৰ মাজমজিয়াৰ পৰা নিৰুদ্দেশ হৈ আছে বিজু পাল নামৰ প্ৰতিষ্ঠিত ব্যৱসায়ী গৰাকী । বুধবাৰৰ সন্ধিয়া ৭ বজাৰ পৰা নিজ দোকানৰ পৰা নিৰুদ্দিষ্ট হৈ থকা নগৰখনৰ কাহ-পিতলৰ আগশাৰীৰ ব্যৱসায়ী গৰাকী চাপৰ নগৰৰ ২ নং ৱাৰ্ডৰ বাসিন্দা ৰবি পালৰ দ্বিতীয় পুত্ৰ । ব্যৱসায়ীজনক অজ্ঞাত দুৰ্বৃত্তই অপহৰণ কৰি নিয়াৰ সন্দেহ পৰিয়ালৰ লোকৰ । ঘটনা সংক্ৰান্তত চাপৰ থানাত এজাহাৰ দাখিল ব্যৱসায়ী গৰাকীৰ পৰিয়াল বৰ্গৰ । বৰ্তমান সমগ্ৰ ঘটনা সংক্ৰান্তত তদন্ত অব্যাহত ৰাখিছে চাপৰ আৰক্ষীয়ে ।

পূৱ বিলাসীপাৰাৰ চাপৰৰ মাজ মজিয়াৰ পৰা নিৰুদ্দেশ যুৱ ব্যৱসায়ী

ABOUT THE AUTHOR

...view details