অসম

assam

ETV Bharat / state

বিলাসীপাৰাত আধাৰ কাৰ্ডৰ নামত এক ৰমৰমীয়া ব্যৱসায় !

বিলাসীপাৰাৰ এটা আধাৰ কেন্দ্ৰত মুকলিকৈ চলিছে উৎকোচৰ মুকলি বজাৰ ৷ কেন্দ্ৰটোৰ নথি পৰীক্ষণ সহকাৰী বিষয়া আনোৱাৰ হুছেইন,অপাৰেটৰ আব্দুল্লা মণ্ডল আৰু জহিৰুল ইছলামে আধাৰ কাৰ্ড দিয়াৰ নামত কাৰ্ড বিচাৰি অহা লোকৰ পৰা সংগ্ৰহ কৰি আহিছে 1000 টকা পৰ্যন্ত ৷ জানিব পৰা মতে, পুৱা 7 বজাৰ পৰা আধাৰ কাৰ্ড বিচাৰি কেন্দ্ৰটোত অসংখ্য লোকৰ ভিৰ হোৱাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি আহিছে তিনিওজনে ৷

Business in the name of Aadhaar card at Bilasipara
বিলাসীপাৰাত আধাৰ কাৰ্ডৰ নামত ৰমৰমীয়া ব্যৱসায়

By

Published : Sep 17, 2020, 9:29 AM IST

পশ্চিম বিলাসীপাৰা,17ছেপ্তেম্বৰ: ৰাজ্যত আধাৰকাৰ্ডৰ নামত চলিছে এক ৰমৰমীয়া ব্যৱসায় ৷ 500 টকাৰ পৰা 1000 টকা পৰ্যন্ত উৎকোচ লৈছে একাংশ আধাৰ কেন্দ্ৰৰ বিষয়াই ৷ তেনে এক ঘটনা পোহৰলৈ আহিছে বিলাসীপাৰাত ৷ ৰাইজৰ অভিযোগ, বিলাসীপাৰা ৰাজ্যিক পশু চিকিৎসালয়ৰ কক্ষত চলি থকা আধাৰ কেন্দ্ৰত মুকলিকৈ চলি আছে উৎকোচৰ মুকলি বজাৰ ৷

বিলাসীপাৰাত আধাৰ কাৰ্ডৰ নামত ৰমৰমীয়া ব্যৱসায়

কেন্দ্ৰটোৰ নথি পৰীক্ষণ সহকাৰী বিষয়া আনোৱাৰ হুছেইন, অপাৰেটৰ আব্দুল্লা মণ্ডল আৰু জহিৰুল ইছলামে আধাৰ কাৰ্ড দিয়াৰ নামত কাৰ্ড বিচাৰি অহা লোকৰ পৰা সংগ্ৰহ কৰি আহিছে 500 ৰ পৰা 1000 টকা পৰ্যন্ত ৷ জানিব পৰা মতে, পুৱা 7 বজাৰ পৰা আধাৰ কাৰ্ড বিচাৰি কেন্দ্ৰটোত অসংখ্য লোকৰ ভিৰ হোৱাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি আহিছে তিনিওজনে ৷

বিলাসীপাৰাত আধাৰ কাৰ্ডৰ নামত ৰমৰমীয়া ব্যৱসায়

ইফালে, উৎকোচ সংগ্ৰহৰ লোভত কেন্দ্ৰটোত চৰকাৰী নীতি নিৰ্দেশনাকো বিসৰ্জন দিয়াৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে ৷ নিৰ্দেশনা মতে, পুৱা ৯ বজাৰ পৰা বিয়লি ৫ বজালৈ আধাৰ কেন্দ্ৰ খুলি ৰাখিব পাৰে ৷ কিন্তু বিলাসীপাৰা ৰাজ্যিক পশু চিকিৎসালয়ৰ কক্ষত চলি থকা আধাৰ কেন্দ্ৰত নিশা ৮ বজালৈ চলি থাকে উৎকোচ সংগ্ৰহৰ বজাৰ ৷ যাৰ বাবে দিনৰ পিছত দিন ধৰি কেন্দ্ৰলৈ অহা-যোৱা কৰি থাকিলেও উৎকোচ নিদিলে আধাৰ কাৰ্ড পোৱা নাযায় বুলিও জানিবলৈ দিয়ে ৰাইজে ৷

ইপিনে ৰাইজৰ অভিযোগ,ক'ভিড-19 ৰ নিৰ্দেশনাকো জলাঞ্জলি দিয়া হৈছে কেন্দ্ৰটোত ৷ কেন্দ্ৰটোত নিয়োজিত কৰ্মচাৰী একাংশৰ লগতে অধিকাংশ লোকৰে মুখত নাই কোনোধৰণৰ মাস্ক ৷ আনহাতে সমগ্ৰ বিষয় সন্দৰ্ভত বুধবাৰে সৰৱ হৈ পৰে স্থানীয় ৰাইজ ৷ অতি শীঘ্ৰে এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ দাবী জনায় ভুক্তভোগী ৰাইজে ৷ উল্লেখযোগ্য যে, বুধবাৰে পৰিৱেশ অধিক উত্তেজিত হৈ পৰাত কেন্দ্ৰটোত মোতায়েন কৰিবলগীয়া হয় আৰক্ষী বাহিনী ৷

লগতে পঢ়কঃ২১ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব বিদ্যালয়ৰ পাঠদান

ABOUT THE AUTHOR

...view details