ধুবুৰী , ৩১ জানুৱাৰী : ধুবুৰী জিলাত শনিবাৰে সীমান্ত সুৰক্ষা বাহিনীয়ে (বিএছএফ) এক সংবাদমেল সম্বোধন কৰে । গৰুৰ চোৰাং বেহা লগতে ড্ৰাগছৰ সৰবৰাহৰ ক্ষেত্ৰত বি.এছ.এফৰ সফলতা সন্দৰ্ভত সাংবাদিকৰ আগত মন্তব্য় কৰে শীৰ্ষ বিষয়াই । বি.এছ.এফৰ উপ-মহাপৰিদৰ্শক জে চি নায়কে পানবাৰী চেক্টৰ হেড কোৱাটাৰত আয়োজিত সংবাদমেলত জনোৱা মতে ধুবুৰী আৰু দক্ষিণ শালমাৰা ভাৰত বাংলা সীমান্তৰে গৰুৰ লগতে ড্ৰাগছৰ চোৰাং সৰবৰাবহ পূৰ্বতকৈ কিছু পৰিমণা হ্ৰাস পাইছে । অৱশ্য়ে তাৰ মাজত কিছু কিছু অঞ্চলত দুষ্টচক্ৰই সৰবৰাহ এতিয়াও অব্য়াহত ৰাখিছে । উপ-মহাপৰিদৰ্শক জনৰ মতে বানপানী আৰু শীতৰ কুঁৱলীৰ বাবে বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগীয়া হৈছে সীমান্ত সুৰক্ষা বাহিনীয়ে ।
ধুবুৰীত বি.এছ.এফৰ সংবাদমেল
ধুবুৰীত বি.এছ.এফৰ সংবাদমেল সম্বোধন । পানবাৰী চেক্টৰ হেড আৱাসত সংবাদমেল সম্বোধন কৰি চেক্টৰ উপ-মহাপৰিদৰ্শক জে চি নায়কে সীমান্তত চলি থকা গৰু আৰু ড্ৰাগছৰ চোৰাং সৰবৰাহৰ ভয়াৱহতাৰ কথা উল্লেখ কৰে ।
উল্লেখ যে সীমান্তৰ ৪১, ৬৭, ১১০ নং বেটেলিয়ান বি.এছ.এফকে ধৰি চাৰিটাকৈ দলে সীমান্তত পহৰা দি আহিছে । ২০১৬ ৰ পৰা ২০২০ চনলৈ পাঁচ টা বছৰত সীমান্তৰ পৰা মুঠ ৬৯ হেজাৰ ৯১১ টা চোৰাং গৰু জব্দ কৰিবলৈ সক্ষম হয় সীমান্ত সুৰক্ষা বাহিনীয়ে । যাৰ বজাৰ মূল্য প্ৰায় ৫১ কোটি ৯৮ লাখ ৯৯ হাজাৰ ২৫৬ টকা । ইয়াৰ বিপৰীতে ৩০ লাখ ৯২ হাজাৰ ৫০০ টা নিচাযুক্ত টেবলেট আৰু বৃহৎ পৰিমাণৰ গাঞ্জা আৰু ফেঞ্চিডাইল জব্দ কৰাৰ লগতে ভাৰত বাংলাদেশৰ প্ৰায় দুশ জন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় সীমান্ত সুৰক্ষা বাহিনীয়ে ।
ইফালে ধুবুৰী দক্ষিণ শালমাৰাৰ মুঠ ১৪৭.০২৪ কিলোমিটাৰৰ ভিতৰত প্ৰায় ৬১ কিলোমিটাৰ নদী সীমান্ত । য'ত চি আই বি এম এছ নামৰ এক প্ৰকল্পৰ জৰিয়তে স্মাৰ্ট ফেনচিঙৰ কাম চলি আছে যদিওঁ এতিয়াওঁ সম্পূৰ্ণ হৈ উঠা নাই । যাৰ ফলত নদী সীমান্তত বাৰিষা কালত বানপানী আৰু শীতকালৰ কুঁৱলীৰ ফলত সীমান্ত সুৰক্ষাত জোৱানসকল যথেষ্ট প্ৰত্য়াহ্বানৰ সন্মুখীন হয় বুলিও অৱগত কৰে উপ-মহাপৰিদৰ্শকজনে । লগতে তেওঁ কয় যে সীমান্তৰ পৰা পোন্ধৰ কিলোমিটাৰৰ বাহিৰত বি.এছ.এফে অভিযান চলাব নোৱাৰে । লগতে অসম আৰক্ষীৰ চেকেণ্ড লাইন ডিফেঞ্চ কিছু কম থকাৰ কৈ চৰকাৰে এই ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিব বুলি উল্লেখ কৰে । আনহাতে চোৰাং গৰু সমূহ য'ত ডাম্পিং কৰোৱা হয় সেইখিনিত বি.এছ.এফে অভিযান চলাব নোৱাৰে যদিওঁ আৰক্ষীয়ে সহায় বিচাৰিলে বি.এছ.এফে সহায় কৰিব বুলি উল্লেখ কৰে উপ-মহাপৰিদৰ্শক গৰাকীয়ে ।
লগতে পঢ়ক :স্বাধীনতাৰ পিচৰে পৰা এগৰাকীও মহিলা প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা নকৰা সমষ্টিটো