ধুবুৰী, 5 জুলাই : ধুবুৰীত অঘটন ৷ ধুবুৰী জিলাৰ গৌৰীপুৰৰ ৰূপসীত সংঘটিত হৈছে এক জঘন্য হত্যাকাণ্ড (Murder in Dhuburi)৷ এজন কিশোৰক চোকা অস্ত্ৰৰে হানি খুচি হত্যা কৰা ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত সৃষ্টি হৈছে এক হুলস্থূলীয়া পৰিৱেশৰ ৷ নিহত কিশোৰজনৰ নাম ফিৰাজুল হক (15) বুলি জানিব পৰা গৈছে ৷
ঘটনাৰ বিৱৰণি অনুসৰি, বিটিআৰৰ ৰূপচীৰ ইছলামপুৰ গাঁৱত একেখন গাঁৱৰে ৰমজান আলী আৰু ৰহমতুল্যা সেখৰ নাৰ দুজন লোকৰ মাজত সংঘাত সৃষ্টি হৈছিল ৷ পৰৱৰ্তী সময়ত দুটা ফৈদৰ মাজত মাৰপিটো হৈছিল ৷ আনকি উভয় পক্ষৰ মাৰপিটৰ ফলত এজন 15 বছৰীয়া কিশোৰ নিহত হোৱাৰ লগতে কেবাজনো লোক গুৰুতৰভাৱে আহত হয় ৷
ধুবুৰীৰ ৰূপসীত জঘন্য হত্যাকাণ্ড আনকি দুটা ফৈদৰ প্ৰায় 15 জনীয়া দলে হাতে-হাতে লাঠি, জোং, দা, খন্তা, ডেগাৰ আদিৰে এটা পক্ষই আনটো পক্ষক আক্ৰমণ চলাইছিল ৷ তেনে সময়তে ৰহমতুল্যা সেখৰ পুত্ৰ মনু সেখে ৰমজান আলীৰ পুত্ৰ ফিৰাজুল হক (15)ক চোকা ডেগাৰৰে ঘপিয়াই হত্যা কৰে ৷ এই অভিযোগ উত্থাপন কৰিছে নিহত ফিৰাজুল হকৰ আত্মীয়ই ৷
তাৰ পাচত অতি সংকটজনক অৱস্থাত থকা ফিৰাজুল হকক ধুবুৰী মেডিকেল কলেজ হাস্পতাললৈ নিয়া হয় যদিও আদবাটতে মৃত্যু হয় কিশোৰজনৰ ৷ এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰা পৰিলক্ষিত হৈছে ৷ আনহাতে, ঘটনা সন্দৰ্ভত আৰক্ষীয়ে খবৰ লাভ কৰাৰ পাচতে, ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ৷
লগতে পঢ়ক :ডিগবৈৰ বগাপানীত লোমহৰ্ষক হত্যাকাণ্ড