পূৱ বিলাসীপাৰা, ২৯ অক্টোবৰ : চাপৰ-শালকোচা উন্নয়ন খণ্ডৰ অন্তৰ্গত ৰঙামাটিৰ ডাউৱাগুৰীত মৰণফান্দত পৰিণত হৈছে এখন বাঁহৰ দলং । সাতখনকৈ গাঁৱৰ ৰাইজৰ যাতায়তৰ একমাত্ৰ সমল এই দলংখন নিৰ্মাণৰ ক্ষেত্ৰত কাণ-সাৰ নিদিলে কোনো এখন চৰকাৰে । অসাৰ হিচাপে পৰিগণিত হ'ল বিধায়ক অশোক কুমাৰ সিংহীৰ প্ৰতিশ্ৰুতিও ৷
পূৱ বিলাসীপাৰাৰ চাপৰ-শালকোচা উন্নয়ন খণ্ডৰ অন্তৰ্গত ৰঙামাটি গাঁও পঞ্চায়তৰ ডাউৱাগুৰীৰ বাঁহৰ দলংখন মৰা চম্পাৱতী নৈৰ ওপৰত অৱস্থিত ৷ জৰাজীৰ্ণ এই বাঁহৰ দলংখনত প্ৰায়ে সংঘটিত হৈ থাকে দৈনিক সৰু-বৰ দুৰ্ঘটনা । কৃষিজীৱি অঞ্চলটোৰ ৰাইজে নিজৰ উৎপাদিত সামগ্ৰী এইখন দলঙেৰে দৈনিক চাইকেলৰে নিব লগা হয় বজাৰলৈ ৷