অসম

assam

ETV Bharat / state

চৰকাৰৰ অৱহেলাঃ অৱশেষত স্থানীয় যুৱকে নিৰ্মাণ কৰিলে বাহৰ দলং - যাতায়তৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগীব লগীয়া হৈছে গাওঁবাসীয়ে

আজিও উন্নয়নৰ মূখ নেদেখিলে ধুবুৰী জিলাৰ ফকিৰগঞ্জৰ এখন গাঁৱৰ ৰাইজে ৷ যাতায়ত, বিজুলী যোগান, স্বাস্থ্য় ইত্য়াদি সুবিধাৰ পৰা বঞ্চিত গাওঁবাসীয়ে অৱশেষত গাঠিৰ ধন ভাঙি তৈয়াৰ কৰিলে এখন বাহৰ দলং ৷

BROKEN  BAMOO BRIDGE AT DHUBURI
চৰকাৰৰ অৱহেলাঃ অৱশেষত স্থানীয় যুৱকে নিৰ্মাণ কৰিলে বাহৰ দলং

By

Published : Oct 29, 2020, 1:26 PM IST

ধুবুৰী,29 অক্টোবৰ:পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতিৰে শাসনৰ গাদীত বহা বিজেপি শাসিত চৰকাৰখনৰ ৫ বছৰীয়া কাৰ্য্যকাল অন্ত পৰিবলৈ মাজত মাথো কেইটামান মাহ ৷ কিন্ত আজিও উন্নয়নৰ মূখ নেদেখিলে ৰাজ্যৰ বহু অঞ্চলে ৷ উদাহৰন স্বৰূপে ধুবুৰী জিলাৰ ফকিৰগঞ্জৰ এখন গাওঁ । আজিও চৰকাৰৰ দৃষ্টিত নপৰা আমবাৰী ভূঞাপাৰা গাঁৱৰ ৰাইজে বঞ্চিৰ হৈ আছে চৰকাৰী সুবিধাৰ পৰা ৷ যাতায়ত, বিজুলী যোগান, স্বাস্থ্য় ইত্য়াদিৰ দৰে গুৰুত্বপূৰ্ণ ব্যৱস্থাৰ প্ৰাপ্য় সুবিধাখিনিৰ পৰা বঞ্চিত হৈ আহিছে গাওঁবাসী ৷ বিশেষকৈ যাতায়তৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগীব লগীয়া হৈছে গাওঁখনৰ লোক সকলে ৷

চৰকাৰৰ অৱহেলাঃ অৱশেষত স্থানীয় যুৱকে নিৰ্মাণ কৰিলে বাহৰ দলং

বিভিন্ন প্ৰান্তৰে সংযুক্ত হোৱা মুল পথটো প্ৰলয়ংকাৰী বানে চিঙি নিয়াৰ পিছত সকলোৰে লগত যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে গাওঁখনৰ ৷ গাওঁবাসীয়ে স্থানীয় বিধায়ক,সাংসদ তথা সংশ্লিষ্ট কতৃপক্ষক অৱগত কৰাৰ পাছতো পোৱা নাই কোনো সুফল ৷ অৱশেষত গাঠিৰ ধন খৰচ কৰি গাওঁখনৰ যুৱকসকলে অস্থায়ী ভাৱে তৈয়াৰ কৰিলে এখন বাহৰ দলং।

এতিয়া স্থানীয় ৰাইজৰ লগতে স্কুল কলেজৰ ছাত্ৰ- ছাত্ৰীসকলে এই দলংখনৰ ওপৰেদি যাতায়ত কৰিছে । কিন্তু পৰিতাপৰ বিষয় যে, বাহৰ দলংখন পৰিচালনাৰ বাবে প্ৰতিজন লোকে আদায় দিব লাগে 10 ৰ পৰা ২০ টকা পৰ্য্যন্ত যিটো গাৱৰ সকলো লোকে প্ৰতিদিনে দিয়াটো সম্ভৱ নহয় ৷

স্থানীয় ৰাইজে বহুবাৰ স্থানীয় বিধায়ক আৰু ধুবুৰীৰ সাংসদগৰাকীক অৱগত কৰি আহিছে যদিও দলংখন সন্দৰ্ভত আজিলৈকে নিদিলে কোনো গুৰুত্ত্ব । এই সকল জনপ্ৰতিনিধিয়ে নিৰ্বাচনৰ সময়ত ৰাইজক মিছা প্ৰতিশ্ৰুতি দি কেৱল ভোটটোহে সংগ্ৰহ কৰে ৷ ইয়াৰ পিছত ৫ বছৰীয়া কাৰ্যকালত কোনো এজন প্ৰতিনিধিৰ মূখ দেখিবলৈ নাপায় বুলি ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। অঞ্চলটোত শীঘ্ৰেই এখন পকী দলং নিৰ্মান কৰি ইয়াৰ স্থায়ী সমাধানৰ দাবী জনাইছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক:JEE কণ্ড : আজি আদালতত হাজিৰ কৰোৱা হ’ব 5 অভিযুক্তক

ABOUT THE AUTHOR

...view details