অসম

assam

By

Published : Mar 11, 2021, 7:23 PM IST

ETV Bharat / state

ৰাজ্যত গঢ়ি উঠিছে ব্ৰইলাৰৰ বৃহৎ ছিণ্ডিকেট !

গৰু ছিণ্ডিকেটৰ পিছত এইবাৰ ৰাজ্যত সক্ৰিয় ব্ৰইলাৰৰ বৃহৎ ছিণ্ডিকেট ৷ তেনে সময়তে ধুবুৰীৰ কলেজ নগৰ আৰক্ষী চকীৰ আৰক্ষীয়ে আদবাৰী অঞ্চলত অভিযান চলাই জব্দ কৰে এ এছ ১৭ বি-৬২২৮ আৰু এ এছ ১৭ চি-১১৭৫ নম্বৰৰ দুখনকৈ ব্ৰইলাৰ ভৰ্তি ডি আই ভান ।

ব্ৰইলাৰ মুৰ্গীক লৈ ৰাজ্যত গঢ়ি উঠিছে বৃহৎ ছিণ্ডিকেট
ব্ৰইলাৰ মুৰ্গীক লৈ ৰাজ্যত গঢ়ি উঠিছে বৃহৎ ছিণ্ডিকেট

ধুবুৰী,11 মাৰ্চ:ৰাজ্যত বৰ্তমান প্ৰৱেশ নিষিদ্ধ বহিঃৰাজ্যৰ ব্ৰইলাৰ কঢ়িওৱা বাহন । ৰাজ্যৰ পশু চিকিৎসা বিভাগৰ নিষেধাজ্ঞাৰ পিছতো প্ৰতিনিশাই অসম-বংগ সীমান্তৰ ছাগলীয়া হৈ অসমত প্ৰৱেশ কৰিছে শ শ ব্ৰইলাৰ ভৰ্তি ট্ৰাক । ব্ৰইলাৰক লৈ ৰাজ্যত গঢ়ি উঠিছে বৃহৎ ছিণ্ডিকেট । তেনে সময়তে ধুবুৰীৰ কলেজ নগৰ আৰক্ষী চকীৰ আৰক্ষীয়ে আদবাৰী অঞ্চলত অভিযান চলাই জব্দ কৰে এ এছ ১৭ বি-৬২২৮ আৰু এ এছ ১৭ চি-১১৭৫ নম্বৰৰ দুখনকৈ ব্ৰইলাৰ ভৰ্তি ডি আই ভান । দুখন ট্ৰাকত প্ৰায় চাৰি লক্ষাধিক টকাৰ ব্ৰইলাৰ আছিল বুলি জানিব পৰা গৈছে । পশু চিকিৎসা বিভাগে ব্ৰইলাৰসমূহ পৰীক্ষা কৰি পশ্চিমবংগলৈ ওভতাই পঠোৱাৰ ব্যৱস্থা কৰে ।

ব্ৰইলাৰ মুৰ্গীক লৈ ৰাজ্যত গঢ়ি উঠিছে বৃহৎ ছিণ্ডিকেট

ইপিনে আৰক্ষীয়ে জব্দ কৰাৰ পিছতে ওলাই পৰিল ব্ৰইলাৰ ছিণ্ডিকেটৰ ভয়ংকৰ তথ্য । পশু চিকিৎসকে ব্ৰইলাৰৰ গাড়ী আটক কৰিলে ডিআইজিৰ মানুহ বুলি ভাবুকি দি গাড়ী পাৰ কৰাই লৈ যোৱাৰ অভিযোগ উত্থাপিত হৈছে । কোনোবা নাগ্ৰী নামৰ লোক এজনে ডিআইজিৰ মানুহ বুলি কৈ দৈনন্দিন সীমান্তৰে পাৰ কৰাই নিয়ে ব্ৰইলাৰৰ গাড়ী ।

ব্ৰইলাৰ মুৰ্গীক লৈ ৰাজ্যত গঢ়ি উঠিছে বৃহৎ ছিণ্ডিকেট

ইফালে প্ৰতিখন ব্ৰইলাৰৰ গাড়ী অসমত প্ৰৱেশ কৰাৰ নামত মোটা অংকৰ ধন সংগ্ৰহৰ অভিযোগ সীমান্ত আৰক্ষী আৰু জিলা পশু চিকিৎসা বিভাগৰ নেতৃত্বত চলা ছিণ্ডিকেটৰ বিৰুদ্ধে । আৰক্ষী আৰু পশু চিকিৎসকক মেনেজ কৰি ছিণ্ডিকেট চক্ৰই প্ৰতিদিনে অসমত প্ৰৱেশ কৰাই ব্ৰইলাৰ আৰু গাহৰি ভৰ্তি ট্ৰাক । কিন্তু সাংবাদিকে প্ৰশ্ন কৰাত জিলা পশু চিকিৎসা বিষয়া আনোৱাৰ হুছেইন মোল্লা আৰু অসম-বংগ সীমান্তত পহৰাৰ নামত ছিণ্ডিকেটৰ নেতৃত্ব দি অহা পশু চিকিৎসক জমসেৰ আলীয়ে অভিযোগ খণ্ডন কৰি বিভাগীয় কৰ্তৃপক্ষৰ ব্যৰ্থতা স্বীকাৰ কৰে ।

ব্ৰইলাৰ মুৰ্গীক লৈ ৰাজ্যত গঢ়ি উঠিছে বৃহৎ ছিণ্ডিকেট

উল্লেখ্য যে, বাৰ্ড ফ্লু আৰু ছোৱাইন ফ্লুৰ আতংকৰ বাবেই ৰাজ্যৰ পশু চিকিৎসা বিভাগে বহিঃৰাজ্যৰ পৰা অসমত হাঁহ-কুকুৰাৰ লগতে গাহৰিৰ প্ৰৱেশত সামূহিকভাৱে নিষেধাজ্ঞা জাৰি কৰিছে । যদিও একাংশ ব্যবসায়ীয়ে চোৰাং পথেৰে অবৈধভাৱে পশ্চিমবংগৰ পৰা অসমলৈ ট্ৰাকে ট্ৰাকে ব্ৰইলাৰ সৰবৰাহ কৰি আহিছে । অসম-বংগ সীমান্তত চলি থকা ব্ৰইলাৰৰ চোৰাং ছিণ্ডিকেট চক্ৰই প্ৰতিখন ব্ৰইলাৰৰ ট্ৰাকৰ পৰা ২৫-৫০ হাজাৰ টকালৈকে সংগ্ৰহ কৰি আহিছে বুলি অভিযোগ উঠিছে । স্থানীয় দ্বীপ নামৰ এজন দালালৰ জৰিয়তে ব্ৰইলাৰৰ ট্ৰাকৰ পৰা ছিণ্ডিকেট চক্ৰই ধন সংগ্ৰহ কৰি আহিছে বুলিও অভিযোগ উঠিছে । লক্ষণীয় বিষয় যে, চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ নিষেধাজ্ঞাক আওকাণ কৰি ৰাইজৰ জীৱনক লৈ হেতালি খেলি ৰমৰমীয়া ক’লা বেহা চলাই থকা বৃহৎ ছিণ্ডিকেট চক্ৰৰ বিৰুদ্ধে কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে প্ৰশাসন অথবা চৰকাৰে, সেয়া এতিয়া লাখটকীয়া প্ৰশ্ন ।

লগতে পঢ়কঃনামছাঙৰ প্ৰচাৰ সভাত নাহৰকটীয়া বিজেপি প্ৰাৰ্থী তৰংগ গগৈ

ABOUT THE AUTHOR

...view details