অসম

assam

ETV Bharat / state

শীঘ্ৰেই ধুবুৰীৰ পৰা শিলিগুৰি লৈকে চলিব দ্ৰুতবেগী ৰেল - ধুবুৰী

আলমগঞ্জৰ পৰা বিলাসীপাৰালৈ প্ৰায় ২৬.১৪ কিলোমিটাৰ দৈঘ্যৰ ৰেল পথ পৰ্যবেক্ষণ কৰে আয়ুক্ত গৰাকীয়ে

শীঘ্ৰেই ধুবুৰীৰ পৰা শিলিগুৰি লৈকে চলিব দ্ৰুতবেগী ৰেল

By

Published : Mar 27, 2019, 8:45 PM IST

শীঘ্ৰেই ধুবুৰীৰ গৌৰীপুৰ বিলাসিপাৰাৰ পৰা শিলিগুৰি লৈকে চলিব দ্ৰুতবেগী যাত্ৰীবাহী ৰেল। আজি নিউ মইনাগুৰিৰ পৰা যোগীঘোপা লৈ ব্ৰডগজ ৰেলপথ নির্মাণ পূৰ্ণ গতিত চলিছে। ইতিমধ্যে গৌৰীপুৰৰ পৰা বিলাসিপাৰালৈ মুঠ আঠত্ৰিশ কিলোমিটাৰ ৰেল পথ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে। আজি ৰেল সুৰক্ষা বিভাগৰ আয়ুক্ত আৰ কে শৰ্মাকে ধৰি উত্তৰ পূব ৰেলৱেৰ কেইবাগৰাকী উচ্চ পৰ্যায়ৰ বিষয়াই গৌৰীপুৰৰ আলমগঞ্জ ৰেল ষ্টেচনত উপস্থিত হৈ ইয়াৰ পৰা বগৰিবাৰী ৰেল ষ্টেচন হৈ বিলাসিপাৰা ৰেল ষ্টেচনলৈ যাত্ৰা কৰে। আলমগঞ্জৰ পৰা বিলাসিপাৰালৈ প্ৰায় ২৬.১৪ কিলোমিটাৰ নিৰ্মিত ৰেল পথ পৰ্যবেক্ষণ কৰে আয়ুক্ত গৰাকীয়ে।

শীঘ্ৰেই ধুবুৰীৰ পৰা শিলিগুৰি লৈকে চলিব দ্ৰুতবেগী ৰেল
ইপিনে ৰেল সুৰক্ষা আয়ুক্তৰ পৰ্যবেক্ষণৰ পিছত ৰেল চলাচলৰ সিদ্ধান্ত লব উত্তৰ পূব ৰেল বিভাগে। অৱশ্যে বিলাসিপাৰাৰ পৰা যোগীঘোপা লৈ ৰেল পথটোৰ নিৰ্মানকাৰ্য্য এতিয়াও সম্পূৰ্ণ হোৱা নাই কিন্তু আয়ুক্তৰ পৰ্যবেক্ষণৰ পিছত শীঘ্ৰেই ৰেল চলাচল কৰিব বুলি আশা কৰা হৈছে ।

ABOUT THE AUTHOR

...view details