অসম

assam

ETV Bharat / state

ছ'চিয়েল মিডিয়াত অশালীন মন্তব্য কৰি আটক যুৱক

কৃষক মুক্তিৰ ৰাণীগঞ্জ আঞ্চলিক সমিতিয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আটক কৰে যুৱক জনক ।

ছ'চিয়েল মিডিয়াত অশালীন মন্তব্য কৰি আটক যুৱক

By

Published : Jun 24, 2019, 8:48 AM IST

বিলাসীপাৰা , ২৪ জুন: বিলাসীপাৰাৰ ৰাণীগঞ্জত ছ'চিয়েল মিডিয়াত অশালীন মন্তব্য কৰি দেওবাৰে ৰঙা ঘৰৰ আলহী হ'ব লগীয়া হল এজন যুৱক । কৃষক মুক্তিৰ ৰাণীগঞ্জ আঞ্চলিক সমিতিয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আটক কৰে যুৱকক ।

ছ'চিয়েল মিডিয়াত অশালীন মন্তব্য কৰি আটক যুৱক

আটকাধীন যুৱক জন ৰাণীগঞ্জ বজাৰৰ জামে মছজিদৰ সমীপৰ প্ৰাণজিত বসাক । এই উদণ্ড যুৱক জনে দেওবাৰে ছ'চিয়েল মিডিয়া যোগে ইছলাম ধৰ্মৰ সম্পৰ্কে অশালীন মন্তব্য কৰি সাতামপুৰুষীয়া ভাতৃত্ববোধৰ নিদৰ্শন ৰাণীগঞ্জ অঞ্চলত বিষবাষ্প বিয়পোৱাৰ চেষ্টা কৰিছিল । ইয়াৰ পাচতে কৃষক মুক্তিৰ ৰাণীগঞ্জ আঞ্চলিকৰ লগতে স্থানীয় একাংশ লোকে নিশা ৰাণীগঞ্জ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে । আৰু তেওঁলোকৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে প্ৰাণজিত বসাকক নিজ ঘৰৰ পৰা আটক কৰে । ইপিনে ঘটনাৰ মূল অভিযুক্ত ৰাণীগঞ্জ সোণালুগুৰী গাঁৱৰ বাসিন্দা প্ৰবাল কলিতা বৰ্তমান পলাতক অৱস্থাত আছে যদিও অতি শীঘ্ৰে যুৱক জনক আটক কৰি দৃষ্টান্ত মূলক শাস্তি প্ৰদানৰ দাবী তুলে স্থানীয় একাংশ লোকে । আনহাতে স্থানীয় বিভিন্ন দল সংগঠনে , এই কাণ্ড সংঘটিত কৰা যুৱক দ্বয়ক শাস্তি প্ৰদানৰ দাবী তুলিছে যদিও লগতে ঘটনা সন্দৰ্ভত সকলো পক্ষক সংযম হবলৈও আহ্বান জনায় ।

ABOUT THE AUTHOR

...view details