অসম

assam

ETV Bharat / state

পাঁচ টকা মূল্যত কিতাপ বিক্ৰী কৰা ধুবুৰীৰ এখন ব্যতিক্ৰমী বুক ষ্টল - দৰিদ্ৰ ছাত্ৰ ছাত্ৰীৰ বাবে কল্পজ্যোতিয়ে মুকলি কৰিছে ব্যতিক্ৰমী বুক ষ্টল

স্বেচ্চাসেৱী অনুষ্ঠান কল্পজ্যোতিৰ এক বিশেষ পদক্ষেপ ৷ দৰিদ্ৰ ছাত্ৰ ছাত্ৰীৰ বাবে ধুবুৰীৰ স্বেচ্চাসেৱী অনুষ্ঠান কল্পজ্যোতিয়ে শুভাৰম্ভ কৰিছে বিবেক নামৰ এখন ব্যতিক্ৰমী বুক ষ্টল ৷ স্বামী বিবেকানন্দৰ আগন্তুক জন্ম দিন উপলক্ষে এই ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰা বুক ষ্টলখনৰ পৰা নিম্ন শ্ৰেণীৰ পৰা স্নাতক পৰ্যায়লৈকে যিকোনো কিতাপ ক্ৰয় কৰিব পাৰিব কেৱল পাঁচ টকাৰ বিনিময়ত ৷

book-stall-for-poor-students
পাঁচ টকা মূল্যত কিতাপ বিক্ৰী কৰা ধুবুৰীৰ এখন ব্যতিক্ৰমী বুক ষ্টল

By

Published : Dec 9, 2020, 8:59 PM IST

ধুবুৰী, 9 ডিচেম্বৰ: ধুবুৰীৰ স্বেচ্চাসেৱী অনুষ্ঠান কল্পজ্যোতিৰ এক বিশেষ পদক্ষেপ ৷ দৰিদ্ৰ ছাত্ৰ ছাত্ৰীৰ বাবে কল্পজ্যোতিয়ে মুকলি কৰিছে বিবেক নামৰ এখন ব্যতিক্ৰমী বুক ষ্টল ৷ য'ত কেৱল মাত্ৰ পাঁচ টকা মূল্যতে দহ দিনৰ বাবে ক্ৰয় কৰিব পাৰিব কিতাপ ৷ নিম্ন শ্ৰেণীৰ পৰা স্নাতক পৰ্যায়লৈকে যিকোনো কিতাপ কেৱল পাঁচ টকাৰ বিনিময়ত ক্ৰয় কৰিব পাৰিব বিবেক নামৰ ব্যতিক্ৰমী বুক ষ্টলখনৰ পৰা ৷

পাঁচ টকা মূল্যত কিতাপ বিক্ৰী কৰা ধুবুৰীৰ এখন ব্যতিক্ৰমী বুক ষ্টল

স্বামী বিবেকানন্দৰ আগন্তুক জন্ম দিন উপলক্ষে এই ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰা বুলি কল্পজ্যোতিৰ তৰফৰ পৰা জানিবলৈ দিয়ে ৷ কল্পজ্যোতি গোটৰ প্ৰায় ষাঠি জন কৰ্মকৰ্তাই পুৰণি কিতাপ সংগ্ৰহ কৰাৰ লগতে একাংশ শিক্ষক আৰু ৰাইজে পুৰণি কিতাপ সমূহ যোগান ধৰিছে কল্পজ্যোতিক ৷ সেই কিতাপসমূহকে দৰিদ্ৰ ছাত্ৰ কৰিছে ছাত্ৰীৰ মাজত মাত্ৰ পাঁচ টকা মূল্যত বিক্ৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কল্পজ্যোতিয়ে ৷

পাঁচ টকা মূল্যত কিতাপ বিক্ৰী কৰা ধুবুৰীৰ এখন ব্যতিক্ৰমী বুক ষ্টল

কল্পজ্যোতি নামৰ এটা সংস্থাটোৱে দৰিদ্ৰ ছাত্ৰ ছাত্ৰীৰ বাবে ব্যতিক্ৰমী বুক ষ্টলৰ শুভাৰম্ভ কৰা বিষয়টোৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৷ ধুবুৰী জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ সহযোগিতাত কল্পজ্যোতি নামৰ সংস্থাটোৱে ধুবুৰী চহৰৰ জি টি বি পথত বিবেক বুক ষ্টলখনৰ শুভ উদ্বোধন কৰে । জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই মুখ্য অতিথি হিচাপে উপস্থিত থাকি উক্ত বুক ষ্টলখন শুভ উদ্বোধন কৰি কয় যে, কল্পজ্যোতিৰ এই পদক্ষেক মই সলাগিছো ।

পাঁচ টকা মূল্যত কিতাপ বিক্ৰী কৰা ধুবুৰীৰ এখন ব্যতিক্ৰমী বুক ষ্টল

এতিয়ালৈকে প্ৰায় পোন্ধৰ শ কিতাপ সংগ্ৰহ কৰা সংস্থাটোৱে জনোৱা মতে, দৰিদ্ৰ সীমাৰেখাৰ তলতৰ আৰু বিদ্যালয়ৰ প্ৰমাণ পত্ৰৰ সৈতে বিপিএল কাৰ্ডৰ প্ৰতিলিপি জমা দিয়াৰ পিছতহে নিম্ন শ্ৰেণীৰ পৰা স্নাতক লৈকে যিকোনো কিতাপ কেৱল মাত্ৰ পাঁচ টকাৰ বিনিময়ত ক্ৰয় কৰিব পাৰিব ৷

লগতে পঢ়ক:মাগুৰি মতাপুং বিললৈ আগমণ দেশী-বিদেশী পৰিভ্ৰমী পক্ষীৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details