ধুবুৰী, জুলাই 29 : অসমৰ বান সমস্যাক লৈ প্ৰতিক্ৰিয়া আগবঢ়াইছে এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলে ৷ বান আৰু গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবী তোলে আজমলে ৷ বিগত দহ বছৰে সংসদৰ মজিয়াত এই দাবী উত্থাপন কৰাৰ পিচতো কেন্দ্ৰই কোনো গুৰুত্ব নিদিয়া বুলি দুখ প্ৰকাশ কৰে সাংসদগৰাকীয়ে ৷ সোমবাৰে সংবাদ মাধ্যমৰ আগত সাংসদ গৰাকীয়ে ক্ষোভ প্ৰকাশ কৰি তীব্ৰ সমালোচনা কৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীক ।
অসমৰ বান সমস্যা : চৰকাৰক সমালোচনা আজমলৰ - ETV_ASSAM
অসমৰ বান সমস্যাক লৈ প্ৰতিক্ৰিয়া আগবঢ়াইছে এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলে ৷ অসমৰ বান-গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ লগতে অসমৰ বান সাহায্য হিচাপে 5 হাজাৰ কোটি টকা প্ৰদানৰ দাবী উত্থাপন কৰে সাংসদ গৰাকীয়ে ৷
প্ৰধান মন্ত্ৰীয়ে যদি গুজৰাটৰ দুখন জিলাৰ বাবে বান সাহায্যৰ বাবদ 500 কোটি টকা দিব পাৰে,বিহাৰৰ বান সাহায্য হিচাপে যদি 500 কোটি টকা দিব পাৰে তেন্তে অসমৰ ক্ষেত্ৰত কেৱল 250 কোটি টকাহে কিয় দিলে বুলি প্ৰশ্ন উত্থাপন কৰে আজমলে। আনহাতে মাত্ৰ 250 কোটি টকা পাই বাঃ বাঃ লোৱা অসমৰ এজন প্ৰভাৱশালী মন্ত্ৰীকো তীব্ৰ সমালোচনা কৰে বদৰুদ্দিন আজমলে ৷ অসমৰ বান-গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ লগতে অসমৰ বান সাহায্য হিচাপে 5 হাজাৰ কোটি টকা প্ৰদানৰ দাবী উত্থাপন কৰে সাংসদ গৰাকীয়ে ৷