ধুবৰী,21 আগষ্ট: মিছন মেদবহুল মুক্ত অসম আৰক্ষী ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে সোমবাৰৰ পৰা ধুবুৰীতো আৰম্ভ হৈছে ব’ডি মাচ ইণ্ডেক্স চমুকৈ বি এম আই টেষ্ট ৷ অহা ৩১ আগষ্ট লৈ চলিব আৰক্ষীৰ এই বি এম আই পৰীক্ষা । অসম আৰক্ষীক সু-স্বাস্থ্যবান হিচাপে গঢ়ি তুলিবলৈ অসম আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে এক গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লৈছে ।
ৰাজ্যজুৰি অসম আৰক্ষীত নিয়োজিত বিষয়াৰ পৰা চিপাহীলৈকে সকলোকে কৰা হৈছে বি এম আই টেষ্ট । কেইদিনমান পূৰ্বে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে বি এম আই টেষ্টৰ শুভাৰম্ভ কৰাৰ পিচত ৰাজ্যজুৰি আৰম্ভ হৈছে বি এম আই টেষ্ট । আজি ধুবুৰী আৰক্ষী নিবাসত পুৱাৰে পৰা আৰম্ভ হয় এই বি এম আই টেষ্ট । উচ্চ পৰ্যায়ৰ আৰক্ষী বিষয়া অৰ্থাৎ জিলা আৰক্ষী অধীক্ষক নবীন সিঙৰ পৰা চিপাহীলৈকে সকলো পৰ্যায়ৰ আৰক্ষীৰ লোকৰ কৰা হয় ব'ডি মাচ ইণ্ডেক্স টেষ্ট ।